গেদাবড়ী বুঢ়া নামঘৰত অনুষ্ঠিত খোলবাদ্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান

গেদাবড়ী বুঢ়া নামঘৰত অনুষ্ঠিত খোলবাদ্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান শুকুৰবাৰে অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
গেদাবড়ী বুঢ়া নামঘৰত অনুষ্ঠিত খোলবাদ্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত গেদাবড়ী বুঢ়া নামঘৰত অনুষ্ঠিত হৈ থকা খোলবাদন কৰ্মশালাৰ শুকুৰবাৰে নিশা সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। গেদাবড়ী শঙ্কৰ-মাধৱ পুথিভঁৰালৰ উদ্যোগত গেদাবড়ী ৰাইজৰ সহযোগত অনুষ্ঠিত এই এমহীয়া খোলবাদন আৰু নৃত্য কৰ্মশালাৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকে শিক্ষাবিদ ৰাণা বৰা, সাংস্কৃতিক সাধক প্ৰবিত্ৰ প্ৰাণ বৰা, শিল্পী জিতু ডেকাকে আদি কৰি কেইবাগৰাকী ব্যক্তি।

Advertisment

গেদাবড়ী অঞ্চলৰ শতাধিক কণকণ শিশুৱে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটি পৰিচালনা কৰে দৰ্শন মহন্তই। কাকলি শইকীয়াই পৰিবেশন কৰা বৰগীতেৰে কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটিত কণকণ প্ৰশিক্ষাৰ্থীসকলে সত্ৰীয়া নৃত্য, খোলবাদনৰ কেইবাটাও অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকক আপ্লুত কৰে।

Also Read: ডি এফ অ'ৰ চৰকাৰী পত্ৰতেই ওলাল ভৱেশ কলিতাৰ প্ৰকৃত স্বৰূপ

traditional instrument