সৰিয়হ তলিতে ভূত: আৰক্ষী নিৱেশৰ আবাসত চোৰৰ চাফাই অভিযান..

নগাঁৱৰ আৰক্ষীয়ে বিভিন্ন অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ কিছু দুৰ্বল স্থিতিৰ সুযোগ গ্ৰহন কৰি চোৰে ইটোৰ পাছত সিটোকৈ চলাই গৈছে চুৰি কাৰ্য

author-image
Asomiya Pratidin
New Update
সৰিয়হ তলিতে ভূত: আৰক্ষী নিৱেশৰ আবাসত চোৰৰ চাফাই অভিযান..

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত সঘনে চুৰি ডকাইটিৰ ঘটনা সংঘটিত হৈ থকাত নাগৰিকসকল চিন্তিত হৈ পৰিছে৷ নগাঁৱৰ আৰক্ষীয়ে বিভিন্ন অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ কিছু দুৰ্বল স্থিতিৰ সুযোগ গ্ৰহন কৰি চোৰে ইটোৰ পাছত সিটোকৈ চলাই গৈছে চুৰি কাৰ্য ।

Advertisment

এইবাৰ খোদ আৰক্ষীৰ ঘৰতে চোৰে চলালে চাফাই অভিযান। যোৱানিশা নগাঁও আৰক্ষী নিৱেশৰ এগৰাকী আৰক্ষী জোৱানৰ চৰকাৰী আবাস গৃহত চোৰৰ দলে চলাই চাফাই অভিযান ৷ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি চোৰে আৰক্ষী জোৱান জনৰ চৰকাৰী আবাসত চলাই লুটপাত ৷

জানিব পৰা মতে নগাঁও আৰক্ষী নিবেশৰ সুৰেশ বৰা নামৰ আৰক্ষী জোৱান জনৰ চৰকাৰী আবাসৰ দৰ্জা ভাঙি চোৰৰ দলটোয়ে নগদ ধন, মূল্যবান সা-সম্পতি লুট কৰি নিয়াৰ লগতে আবাসটোৰ ভিতৰৰ বহু সামগ্ৰী ভাঙি ক্ষতি সাধন কৰে ৷ আৰক্ষী বিষয়া- জোৱানে গিজগিজাই থকা নগাঁও আৰক্ষী নিৱেশৰ চৰকাৰী আবাসত চুৰি কাৰ্য সংঘটিত হোৱাত নগাঁৱত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

উল্লেখ যে, ইয়াৰ পূৰ্বেও নগাঁৱৰ আৰক্ষী নিৱেশত কেইবাবাৰো চুৰি কাণ্ড সংঘটিত হৈছে৷ নগাঁও আৰক্ষীয়ে এই ক্ষেত্ৰত শক্তিশালী পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইতিমধ্যে এই চুৰিকাৰ্য সন্দৰ্ভত আৰক্ষী জোৱান জনৰ পৰিয়ালে নগাঁও আৰক্ষী অধীক্ষকক অৱগত কৰি ব্যৱস্থা গ্ৰহনৰ বাৱে অনুৰোধ জনাইছে৷

ঘটনা সন্দৰ্ভত নগাঁও সদৰ আৰক্ষী থানাত এক গোছৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বাতৰি লিখা সময়লৈকে ঘটনাৰ সন্দৰ্ভত কাকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ নগাঁৱৰ সচেতন নাগৰিকে জিলাখনত সংঘটিত হৈ থকা চুৰি ডকাইটিৰ ঘটনা ৰোধ কৰাৰ বাবে নগাঁৱৰ আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে।

Also Read: নিৰুদ্দিষ্ট প্ৰাঞ্জল মৰাণৰ সন্ধান উলিয়াবলৈ উত্তৰ-পূৱ মণ্ডলৰ আইজিপিক তদন্তৰ দায়িত্ব...