নগাঁৱত ৫ গৰু চোৰ আটক

নগাঁৱত ৫ গৰু চোৰ আটক

ডিজিটেল সংবাদ,নগাঁও: ৰাইজৰ সহযোগত নগাঁও আৰক্ষীয়ে দেওবাৰে কৰায়ত্ব কৰিছে পাঁচজনকৈ সন্দেহজনক গৰু চোৰক ৷ কৰায়ত্ব কৰা গৰু চোৰ কেইজনৰ নাম হৈছে জিয়াবুৰ ৰহমান , তফজুল হুছেইন , ওছমান আলি , মুকচিদুৰ ইছলাম আৰু মাহৰুদ্দিন৷

জানিব পৰা মতে কেন্দুগুৰি , পুৰণিআটি , লাইকামাৰী চৰত অভিযান চলাই এই সন্দেহজনক গৰু চোৰ কেইজনক কৰায়ত্ব কৰে ৷ চোৰ কেইজনৰ জিম্মাৰ পৰা সাতটাকৈ চোৰ হোৱা গৰু উদ্ধাৰ কৰা হৈছে ৷

অভিযোগ মতে চোৰৰ দলটোয়ে নগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা গৰু চোৰ কৰি চৰলৈ লৈ যায় ৷ চৰত চোৰ কৰি নিয়া গৰু সমূহ মজুত কৰি ৰাখে ৷ পিছত উচ্চ দৰত বিক্ৰি কৰে ৷ বৰ্তমান নগাঁৱৰ হয়বৰগাঁও টাউন আৰক্ষী চকীৰ আৰক্ষীয়ে গৰু চোৰক নিজৰ জিম্মাত লৈ সোধপোচ চলাই আছে ৷

নগাঁৱত ৫ গৰু চোৰ আটক
আলফা(স্বাঃ)ৰ লিংকমেনলৈ আৰক্ষীৰ গুলী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in