
ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ এগৰাকী সাংবাদিকৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি মঙলবাৰে দিন দুপৰতে চোৰে চলালে চাফাই অভিযান। এটা বৈদুত্যিন মাধ্যমৰ সংবাদ গোষ্ঠীত কৰ্মৰত ভাস্কৰজ্যোতি বৰা নামৰ সাংবাদিক গৰাকীৰ নগাঁও চহৰৰ গাটে লাগি থকা কাৱৈমাৰীৰ বাসগৃহত আজি সংঘটিত হয় এই চুৰি কাৰ্য।
সাংবাদিক গৰাকীৰ পত্নী আৰু ভাই বোৱাৰীৰ সমস্ত সোণৰ আ-অলংকাৰ আৰু নগদ ধন লুট কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্তৰ।