ক’ত হেৰাল নগাঁও আৰক্ষী : এমাহত শতাধিক চুৰিকাণ্ড

 ক’ত হেৰাল নগাঁও আৰক্ষী : এমাহত শতাধিক চুৰিকাণ্ড

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত হেৰাইছে আৰক্ষী ৷ স্মাৰ্ট আৰক্ষীৰ সন্ধানত নগাঁৱৰ সৰ্বসাধাৰণ ৰাইজে ৷ সৰ্বসাধাৰন ৰাইজে নগাঁৱত এতিয়া আৰক্ষীক বিপদৰ সময়ত বিচাৰি নাপায় ৷ এগৰাকী যুবতীয়ে কান্দি কান্দি ফোনত সহায় বিচাৰিছে ৷

নগাঁও চহৰৰ মৰিকলঙ সেউজ নগৰৰ বাসিন্দা শিক্ষয়িত্ৰী অঞ্জু তামুলীৰ ঘৰত অবৰ্ননীয় ঘটনা ৷ পুৱা পাচঁবজাত ঘৰৰ দুৱাৰ খুলি বাহিৰলৈ ওলাই আহোতে এজন যুৱকে মুখত সোপা মাৰি ধৰে তামুলীক ৷ লগে লগে আন এজন যুৱকে চুৰি দেখুৱাই চিঞৰ বাখৰ নকৰিবলৈ ভাবুকি দি দুই যুৱকে বাহিৰৰ পৰা চোচৰাই ভিতৰলৈ নিয়ে শিক্ষয়িত্ৰী গৰাকীক ৷

ঘৰৰ ভিতৰত মজিয়াত বগৰাই শিক্ষয়িত্ৰী অঞ্জু তামুলী হাত , ভৰি বান্ধি মুখত কাপোৰেৰে সোপা দি আ অলংকাৰ ক’ত আছে দেখুৱাই দিবলৈ কয় ৷ আলমিৰা খুলি দুজনীয়া যুৱকৰ দলটোয়ে সোনৰ অলংকাৰ , নগদ ধন , এটিএম কাৰ্ড আদি লৈ পিছত উধাও হয় ৷

যুৱক দুজনে চলোৱা এই সন্ত্ৰাসৰ সময়ত শিক্ষয়িত্ৰী অঞ্জু তামুলী ঘৰত অকলে আছিল ৷ একমাত্ৰ কন্যা কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত আছিল ৷ যুৱকৰ আক্ৰমনত শিক্ষয়িত্ৰী অঞ্জু তামুলীয়ে আঠু , ডিঙি , মূৰত আঘাত পায় ৷ পুৱা পাঁচবজাত সংঘটিত এই ঘটনাৰ পিছত মৰিকলঙ টাউন আৰক্ষী চকীৰ আৰক্ষী দুপৰীয়া পৰ্যন্ত ঘটনাস্থলীত উপস্থিত নোহোৱাটো ৰহস্যজনক ৷

উল্লেখ্য যে ডিজিপি জি পি সিঙে অসম আৰক্ষীক সহায় কৰিবলৈ বাণী বিলাই থকাৰ সময়ত নগাঁৱত সৰ্বসাধাৰণে বিপদৰ সময়ত আৰক্ষীক বিচাৰি নাপায় ৷ শেহতীয়াকৈ নগাঁও চহৰত চুৰি ডকাইতি সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে ৷ বেচৰকাৰী সুত্ৰ মতে চহৰখনত বিগত মাহত শতাধিক চুৰিৰ ঘটনা সংঘটিত হৈছে ৷ বিপৰীতে আৰক্ষীৰ সফলাত শূণ্য ৷

 ক’ত হেৰাল নগাঁও আৰক্ষী : এমাহত শতাধিক চুৰিকাণ্ড
বানপানীত উটি আহিল সেনাৰ মৰ্টাৰ শ্বেল! বিস্ফোৰণ হৈ দুজনৰ মৃত্যু, আহত কেইবাজনো

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in