২২৬ মেধাৰে নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰ মতবিনিময়

 ২২৬ মেধাৰে নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰ মতবিনিময়

ডিজিটেল সংবাদ , নগাঁও : ৰাজ্য চৰকাৰৰ অভিলাষী “আৰোহণ” আঁচনিৰ অধীনত নগাঁও জিলাৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত এক কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত সোমবাৰে জিলাখনৰ ২২৬ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীৰ সৈতে নগাঁৱৰ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে মত বিনিময় কৰে।

আৰোহণ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে এক দূৰদৰ্শী প্ৰক্ৰিয়া আৰম্ভ কৰিছে য'ত মেণ্টী হিচাপে পৰিচিত প্ৰতিজন নিৰ্বাচিত মেধাসম্পন্ন শিক্ষাৰ্থীয়ে শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট সামগ্ৰিক বৃদ্ধিৰ লগতে বৌদ্ধিক বৃদ্ধি আৰু কেৰিয়াৰ সংক্ৰান্তীয় পথৰ বাবে এজন যোগ্য গুৰুৰ দ্বাৰা সহায় আৰু নিৰ্দেশনা পোৱাৰ সুযোগ লাভ কৰে। এই আঁচনিৰ অধীনত নগাঁও জিলা প্ৰশাসনে ২০২৩ চনৰ ২৮ আগষ্টত নগাঁও জিলাৰ চৰকাৰী বিদ্যালয়ৰ পৰা নৱম শ্ৰেণীৰ ২২৬ গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী অথবা মেণ্টীৰ সৈতে এক ভাৱ বিনিময় অনুষ্ঠান আয়োজন কৰে।

পিছত দুপৰীয়াৰ ভাগত অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সন্মানীয় মন্ত্ৰী কেশৱ মহন্তই নগাঁও চৰকাৰী বালক উচ্চ মাধ্যমিক বিদ্যালয়ত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সংগ দিয়ে য'ত তেখেতকে ধৰি জিলা আয়ুক্ত আৰু অন্যান্য উপস্থিত বিশিষ্ট ব্যক্তি আৰু শীৰ্ষ বিষয়াসকলৰ সৈতে মত বিনিময়ৰ পাছত মেধাৱী ছাত্ৰ-ছাত্ৰীসকল অধিক উৎসাহিত আৰু জীৱনত উন্নতিৰ পথত আগবঢ়াৰ বাবে অধিক অনুপ্ৰাণিত হয়।

আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ সাৰমৰ্ম ব্যাখ্যা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ উৎকৃষ্টতাৰ জৰিয়তে বিশ্ববাসীক এইবুলি প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় যে চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ব্যক্তিগত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীতকৈ কোনোগুণে কম নহয়। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱে আগবঢ়োৱা জীৱনৰ পাঠ আৰু সাৰ্বজনীন মংগলৰ মূল্যবোধক গ্ৰহণ কৰিবলৈ কয় আৰু নিজৰ লক্ষ্যৰ বাবে সদায় কাম কৰি যাবলৈ কয়।

মুখ্য গুৰু (Mentor) তথা নগাঁও জিলাৰ জিলা আয়ুক্তৰ লগতে আন আন আমন্ত্ৰিত গণ্যমান্য ব্যক্তি যেনে এছ.পি নৱনীত মহন্ত, ডি.ডি.চি সত্যজিৎ চেতিয়া, ডি.এফ.অ’ (টি) সুহাস কদম, এছ.ডি.এম.অ’ ড০ মৃদুল কুমাৰ নাথ, আৰু নগাঁৱৰ এ.ডি.পি কলেজৰ সহযোগী অধ্যাপক অৰিন্দম বৰকটকীয়ে ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ অন্তৰ্দৃষ্টিসম্পন্ন বক্তব্যৰ দ্বাৰা অনুপ্ৰাণিত আৰু উৎসাহিত কৰে। অনুষ্ঠানত এখন প্ৰেৰণাদায়ক তথ্যচিত্ৰ আৰু চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ অৱতৰণৰ ভিডিঅ’ প্ৰদৰ্শন কৰা হয় তথা ছাত্ৰ-ছাত্ৰীসকলৰ পৰা কিছু সংখ্যক সাংস্কৃতিক উপস্থাপনৰ লগতে নগাঁও মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বিজ্ঞানৰ যাদু প্ৰদৰ্শন কৰা হয়।

এই কাৰ্যসূচীত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, এ.ডি.চি মনোৰমা মৰং, এ.ডি.চি লক্ষ্য জে দাস, এ.ডি.চি ফিলিছ ভিএল হ্ৰংচাল, সকলো সহকাৰী আয়ুক্ত, জিলা প্ৰশাসন, শিক্ষা বিভাগ আৰু অন্যান্য বিভাগৰ সকলো বিষয়া-কৰ্মচাৰী, অভিভাৱক, শিক্ষকৰ উপৰিও অন্যান্যসকলেও অংশগ্ৰহণ কৰে।

 ২২৬ মেধাৰে নগাঁও জিলা প্ৰশাসনৰ বিষয়াৰ মতবিনিময়
নতুন আইন কাৰ্যকৰী হ'লে যিকোনো গোচৰ ২ বছৰৰ ভিতৰত সমাধান হ'বঃ অমিত শ্বাহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in