নগাঁৱত সমাজ সেৱকৰ অক্সিজেন চিলিণ্ডাৰ প্ৰদান

নগাঁৱত সমাজ সেৱকৰ অক্সিজেন চিলিণ্ডাৰ প্ৰদান

author-image
Asomiya Pratidin
New Update
নগাঁৱত সমাজ সেৱকৰ অক্সিজেন চিলিণ্ডাৰ প্ৰদান

ডিজিটেল সংবাদ , বেবেজীয়া: নগাঁৱৰ বিশিষ্ট ব্যবসায়ী তথা সমাজকৰ্মী বিনোদ খেতাৱতে দীৰ্ঘদিন ধৰি সমাজ সেৱা মূলক কাম কাজত জড়িত হৈ আহিছে। বিভিন্ন আৰ্তজনক সহায় কৰি অহাৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উন্নয়নৰ বাবেও কাম কৰি আহিছে। পৰিৱেশ সুস্থিৰ কৰি ৰখাৰ কামতো সমাজ কৰ্মীজন নিবিৰ ভাবে জড়িত।

এইজন সমাজ কৰ্মীয়ে দৰিদ্ৰ ৰোগীৰ সহায়ক হোৱাকৈ সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাক এটি অক্সিজেন চিলিণ্ডাৰ প্ৰদান কৰে। সন্থাৰ প্ৰধান সম্পাদক আৰু অন্যান্য বিষয় ববীয়াৰ হাতত অক্সিজেন চিলিণ্ডাৰটো তেওঁ প্ৰদান কৰে। সমাজকৰ্মী গৰাকীৰ এই মহানুভৱতাক সকলোৱে শলাগ লয়।

Also Read: দিপাৱলীৰ প্ৰাকমূহুৰ্তত ধেমাজিত গুলীচালনা