কলিয়াবৰত পৰিৱেশ ও সচেতন জীৱনশৈলী গঢ়াৰ উদ্দেশ্যেৰে সপ্তাহজোৰা অভিযান...

কলিয়াবৰত পৰিৱেশৰ লগত সচেতন জীৱনশৈলী গঢ়াৰ উদ্দেশ্যেৰে সপ্তাহজোৰা অভিযানৰ শুভাৰম্ভ
কলিয়াবৰত পৰিৱেশ ও সচেতন জীৱনশৈলী গঢ়াৰ উদ্দেশ্যেৰে সপ্তাহজোৰা অভিযান...

ডিজিটেল সংবাদ, কলিয়াবৰ: মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মঙ্গলবাৰে শুভাৰম্ভ কৰে পৰিৱেশৰ লগতে সচেতন জীৱনশৈলী গঢ়াৰ উদ্দেশ্যেৰে Mission Lifestyle for Environment (LiFE) শীর্ষক এক‌ সপ্তাহযোৰা কাৰ্য্যসূচী। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি নগাঁও জিলা প্ৰশাসনে বুধবাৰে অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ পৃষ্ঠপোষকতাত, ছিয়েপ নগাঁও আৰু আয্যভট্ট বিজ্ঞান কেন্দ্ৰ লাওখোৱা খণ্ডৰ সহযোগত আমবাগানৰ আইডিয়েল ইংলিছ একাডেমিত সপ্তাহজোৰা হ'বলগীয়া জীৱনশৈলী উন্নতিকৰণৰ বাবে এসপ্তাহ সজাগতা সভাৰ অনুষ্ঠিত কৰা হয়। বুধবাৰে প্ৰথম দিনৰ কাৰ্য্যসূচীত Save Water ৰ্শীষক সজাগতা অভিযান ৰূপায়ন কৰা হয়।

কলিয়াবৰৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বাদল চন্দ্ৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে কলিয়াবৰ বিজ্ঞান শাখা সমিতিৰ সম্পাদক তথা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভূপেন শৰ্মা। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নগাওঁ জিলাৰ সমন্বয়ক ভবেন বৰুৱা। তদুপৰি অনুষ্ঠানত আমবাগান বিজ্ঞান সমিতিৰ সভাপতি সম্পাদকে প্ৰমূখ্য কৰি বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে "Save Water Save Life" শীৰ্ষক এক ৰচনা প্ৰতিযোগিতা আৰু চিত্ৰাংকণ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয়। সজাগতা সভাত বক্তব্য প্ৰদান কৰে ভূপেন শৰ্মা, ভবেন বৰুৱা, ৰতন মণ্ডল, চন্দ্ৰ কান্ত সৰকাৰ আৰু পৰেশ চন্দ্ৰ অধিকাৰীয়ে ছাত্ৰ-ছাত্ৰীসকলক পানী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। সভাতে উপস্থিত সকলোৱে পানী সংৰক্ষণৰ ক্ষেত্ৰত সংকল্পবদ্ধ হয়।

কলিয়াবৰত পৰিৱেশ ও সচেতন জীৱনশৈলী গঢ়াৰ উদ্দেশ্যেৰে সপ্তাহজোৰা অভিযান...
সমকামী বুলি পৰিচয় দিলেই যাব লাগিব কাৰাগাৰলৈ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in