শংকৰদেৱ মহাবিদ্যালয়ত অসামৰিক সেৱা পৰীক্ষাৰ সজাগতা অনুষ্ঠান

শংকৰদেৱ মহাবিদ্যালয়ত অসামৰিক সেৱা পৰীক্ষাৰ সজাগতা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
শংকৰদেৱ মহাবিদ্যালয়ত অসামৰিক সেৱা পৰীক্ষাৰ সজাগতা অনুষ্ঠান

ডিজিটেল সংবাদ,বটদ্ৰৱাঃং নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত শনিবাৰে অসামৰিক সেৱা পৰীক্ষাৰ এটি সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ উদ্যোগত তথা চিভিল চাৰ্ভিছ এচিভাৰ্চ পইন্ট(civil services achiever's point)ৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচী সঞ্চালনা কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ দেৱজিৎ মহন্তই।

Advertisment

মহাবিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটিত চিভিল চাৰ্ভিছ এচিভাৰ্চ পইন্টৰ প্ৰৱন্ধক বিজিত ঢেকিয়াল, প্ৰশিক্ষক জিপুল ৰেচি কলিতাই অসামৰিক সেৱাৰ পৰীক্ষাৰ প্ৰস্তুতি, পৰীক্ষাৰ বিষয়বস্তু, পৰীক্ষাৰ আৰ্হি, অধ্যয়ন সামগ্ৰী আদি বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানটিৰ অন্তত বটদ্ৰৱা মহাবিদ্যালয়ৰ লগত আগন্তক ৫বছৰৰ বাবে চিভিল চাৰ্ভিছ এচিভাৰ্চ পইন্টৰ এখনি চুক্তি সম্পন্ন কৰা হয়।

যাতে নগাঁও জিলাৰ পিছপৰা অঞ্চলত ছাত্ৰ-ছাত্ৰী সকলে আগন্তুক দিনত নিজকে অসামৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আগবাঢ়ি যাব পাৰে। অনুষ্ঠানটিত মহাবিদ্যালয়ৰ অধ্যাপক ড০ আশ্বিক ইলাহী, লিপিকা আফ্ৰোজকে আদি কৰি কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে।

Also Read: পুত্ৰ বিজেপিত, পিতৃ কংগ্ৰেছত কিদৰে সম্ভৱ? দলীয় কৰ্মীৰ হেঁচাত পদত্যাগ কৰিবলৈ বাধ্য হ'ল অকন বৰা...

nagaon sankardev collage