ডিজিটেল সংবাদ,কামপুৰ: নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমামুৰীয়া এলেকাত চলি থকা সীমা সমস্যাই তীব্ৰৰূপ ধাৰন কৰিছে। বছৰ বছৰ ধৰি নগাঁও জিলাৰ বাসিন্দা সকলক বলপূৰ্বক ভাৱে কাৰ্বি আংলঙত অন্তৰ্ভুক্ত কৰিব বিচৰাত ক্ষোভত ফাটিছে সীমামুৰীয়ালোক সকল।
কামপুৰ ৰাজহ চক্ৰ আৰু কচুৱা থানাৰ অন্তৰ্গত ২নং জুংঠুং ৰাজহ গাঁৱৰ লগতে সীমামুৰীয়া এলেকাটো কাৰ্বি আংলং জিলাৰ দুৱাৰ আমলা সমষ্টিৰ কাৰ্যবাহী সদস্য প্ৰভাত তাৰোয়ে ভয় ভাবুকি দি তাত চলি উন্নয়নৰ কামো বন্ধ কৰাৰ চেষ্টা চলোৱা বুলি অভিযোগ কৰিছে নগাঁও জিলাৰ লোকসকলে।
কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য গৰাকীয়ে কাৰ্বি আংলঙৰ আৰক্ষী মোতায়ন কৰি ২নং জুংঠুং গাঁৱত নগাঁও জিলাই কৰি থকা জলজীৱনৰ কাম বন্ধ কৰাৰো অভিযোগ কৰিছে স্থানীয় লোকে। অভিযোগ মতে ২নং জুংঠুং ৰাজহ গাঁওখনত প্ৰায় ৮০০ৰো অধিক ভোটাৰক বলপূৰ্বক ভাৱে কাৰ্বিআংলঙৰ ভোটাধিকাৰ প্ৰদান কৰাৰো অভিযোগ উঠিছে।
পূৰ্বৰ নগাঁও জিলা আৰু বৰ্তমানৰ সমষ্টি পুনৰ গঠনৰ পিছত হোজাই জিলাৰ অৰ্ন্তভুক্ত হোৱা এই সীমামুৰীয়া এলেকাৰ লোক সকলে কোনোকালে কাৰ্বি আংলঙৰ লগত নাথাকো বুলি দাবী কৰিছে। সেয়ে অসমৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী কৰিছে স্থানীয় লোক সকলে।