ডিজিটেল সংবাদ , নগাঁও : ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিত খাকী পোচাকধাৰীৰ প্ৰচণ্ড গোৰ ৷ এই ঘটনা ঘটিল নগাঁও চহৰত ৷ কৰ্তব্যৰত আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিত গোৰ সোধোৱাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে নগাঁও জিলা যুব কংগ্ৰেছে বৃহস্পতি বাৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল ৷ শতাধিক যুব কংগ্ৰেছ কৰ্মীয়ে বিয়লি ভাগত চৰকাৰী চাকৰিৰ নামত বজাৰ বহাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল ৷
নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা বাহিৰ হোৱা প্ৰতিবাদী সমদলটি নগাঁও মনসা মন্দিৰৰ ওচৰত ভেটা দিয়ে আৰক্ষীয়ে ৷ আৰক্ষীৰ বাধাৰ মাজতে যুব কংগ্ৰেছীয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতিত অগ্নিসংযোগ কৰে ৷
মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতিত অগ্নিসংযোগ কৰাৰ পিছত কৰ্তব্যৰত আৰক্ষী বিষয়া হঠাৎ প্ৰতিকৃতিত গোৰ মাৰে ৷ প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃৰ্তিত গোৰ মৰাক লৈ উপস্থিত লোক হতভম্ব হৈ পৰে ৷ অৱশ্যে পিছত অন্য আৰক্ষীয়ে প্ৰতিকৃৰ্তি পানী ঢালি অগ্নি নিৰ্বাপন কৰাৰ লগতে প্ৰতিবাদকাৰীক বাধা দি আঁতৰাই পঠায় ৷