ডিজিটেল সংবাদ,নগাঁও : মধ্য অসম তথা নগঁঞাৰ আয়ুসৰেখা হিচাপে পৰিচিত তথা নগাঁও চহৰৰ মাজেৰে বৈ যোৱা ঐতিহাসিক কলং নৈক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে নগাঁৱৰ প্ৰধান ডাকঘৰে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। ইয়াৰ অংশ স্বৰূপে নগাঁও ডাক সংমণ্ডলৰ উদ্যোগত “কলংপেস্ক-২০২৩” জিলা ভিত্তিক শীৰ্ষক এখনি ডাক টিকট প্ৰদৰ্শনীৰ আয়োজন কৰিছে ।
সেই উপলক্ষে বৃহস্পতিবাৰে পুৱা ১১:৩০ বজাত নগাঁও শ্বহীদ ভৱনত আয়োজিত জিলা ভিত্তিক এই প্ৰদৰ্শনীৰ লগতে আয়োজিত সভাত বিশিষ্ট অতিথি হিছাপে উপস্থিত থাকে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,নগাঁও আৰক্ষী অধীক্ষক নবনীত মহন্ত,ডিব্ৰুগড় সংমণ্ডলৰ প’ষ্টমাষ্টৰ জেনেৰেল চি. এল.লালফাকাজুৱেলা,নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় অধ্যক্ষ সদানন্দ পায়েং,নগাঁও প্ৰধান ডাক ঘৰৰ অধীক্ষক দেৱাশিষ গোস্বামীকে আদি কৰি অন্যান্য বিশিষ্ট ব্যক্তি সকল ৷
অনুষ্ঠানত নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে উপস্থিত ছাত্ৰছাত্ৰী সকলক উদ্দেশ্যি কয় যে- বৰ্তমান সময়ত ছাত্ৰছাত্ৰী সকলৰ মাজত ডাক টিকটৰ পৰিচয় আৰু গুৰুত্ব ছাত্ৰছাত্ৰী সকলৰ মাজত অপৰিসীম । ছাত্ৰছাত্ৰী সকলৰ মাজত ডাক টিকট সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ অতিকৈ গুৰুত্বপূৰ্ণ ৷
কিয়নো ছাত্ৰছাত্ৰী সকলে আজি সংৰক্ষণ কৰি ৰখোৱা ডাক টিকট সমূহৰ এটা সময়ত বৰ সুন্দৰ কামত ব্যৱহৃত হব আৰু তেওঁলোকে তেতিয়া অনুভৱ কৰিব পাৰিব যে আমি স্কুলীয়া জীৱনৰ পঢ়ি থকা সময়ত কৰা এটা কামে আজি আমাক প্ৰতিষ্ঠা কৰাই দিছে ৷ অনুষ্ঠানত নগাঁৱৰ আৰক্ষী অধীক্ষক নবনীত মহন্ত উপস্থিত থাকি তেওঁ স্কুলীয়া জীৱনত নিজৰ হাতত সংৰক্ষণ কৰি ৰখোৱা বহুকেইটা মূল্যবান ডাক টিকটৰ সবিশেষ বৰ্ণনা কৰে। লগতে তেওঁ সংৰক্ষণ কৰা ডাক টিকট সমূহ প্ৰয়োজন সাপেক্ষে নগাঁও ডাক বিভাগৰ হাতত অৰ্পণ কৰাৰ কথাও ব্যক্ত কৰি ছাত্ৰছাত্ৰী সকলক ডাক টিকট হওক মুদ্ৰাই হওক সেইয়া বৰ্তমান সময়ত সংৰক্ষণ কৰি ভবিষ্যতে এনেধৰনৰ প্ৰদৰ্শনীত অংশগ্ৰহণৰ জৰিয়তে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি উল্লেখ কৰে ৷
অনুষ্ঠানত ৰামানুজ কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ দিলীপ বৰা উপস্থিত থাকি তেওঁ ডাক বিভাগৰ এই প্ৰদৰ্শনীত বহুকেইটা পুৰনি ডাক টিকট যোগান ধৰাৰ কথা উল্লেখ কৰে উদ্যোক্তাই ৷
নৱপ্ৰজন্মৰ যুৱক-যুৱতী তথা ছাত্ৰ-ছাত্ৰীৰ মাজত ডাক টিকটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ডাক টিকটৰ ইতিহাস অধ্যয়নৰ পূৰ্ণ সুযোগ দিয়াৰ এক প্ৰয়াস চলোৱা হৈছে এই ডাক টিকট প্ৰদৰ্শনীৰ দ্বাৰা বুলি উল্লেখ কৰে অধ্যক্ষ সদানন্দ পায়েঙে। আজিৰে পৰা দুদিনীয়াকৈ আয়োজিত “কলংপেস্ক- ২০২৩” উদযাপন সমিতিৰ সভাপতি তথা নগাঁও ডাক সংমণ্ডলৰ অধীক্ষক দেৱাশীষ গোস্বামীয়ে এই কথা জানিবলৈ দি উল্লেখ কৰে যে নগাঁৱৰ সভ্যতা-সংস্কৃতিৰ বার্তাবাহক তথা নগাঁৱৰ স্পন্দন কলং নৈক বিশ্বৰ দৰবাৰত পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে এই ডাক টিকট প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
প্ৰদৰ্শনীৰ লগত সংগতি প্ৰথম দিনা পুৱা ১১ বজাত নগাঁও জিলাৰ ৰণথলীত প্ৰস্তুত কৰা অসমীয়া গহনাৰ ওপৰত এখনি বিশেষ প্রচ্ছদ মুকলি কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । দুপৰীয়া ১ বজাত বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকণ প্রতিযোগিতা অনুষ্ঠিত কৰা হয়।
তিনিটা শাখাত অনুষ্ঠিত হোৱা এই প্রতিযোগিতাৰ ‘ক’ শাখাত অংকুৰ শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণী, ‘খ’ শাখাত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণী আৰু ‘গ’ শাখাত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্র- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। বিয়লি ১:৩০ বজাত ডাক টিকটৰ ওপৰত এক কৰ্মশালা আৰু সন্ধ্যাৰ ভাগত এক সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজনৰে প্ৰথম দিনাৰ কাৰ্যসূচীৰ সামৰণি পৰে। আনহাতে,কাইলৈ পুৱা ১১বজাৰ পৰা বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখনি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব।
নগাঁও ডাক সংমণ্ডলত অন্তর্গত ৪৬৪টা শাখা ডাকঘৰ, ৫৬টা উপ-ডাকঘৰ আৰু দুটাকৈ প্রধান ডাকঘৰৰ কর্মকর্তাসকলে অংশগ্ৰহণ কৰা এই দুদিনীয়া কাৰ্যসূচীত ডাক বিভাগৰ বহু কেইগৰাকী বিষয়া-কৰ্মচাৰীয়ে অংশগ্রহণ কৰে।
Also Read: শৌচালয়ৰ টেংকিত যুৱতীৰ মৃতদেহ উদ্ধাৰ, আটক এজন