আৰক্ষীয়ে মাটি খান্দি উলিয়ালে টকা আৰু নিচাযুক্ত সামগ্ৰী

আৰক্ষীয়ে মাটি খান্দি উলিয়ালে টকা আৰু নিচাযুক্ত সামগ্ৰী

author-image
Asomiya Pratidin
New Update
আৰক্ষীয়ে মাটি খান্দি উলিয়ালে টকা আৰু নিচাযুক্ত সামগ্ৰী

ডিজিটেল সংবাদ, নগাঁও: ৰাজ্যত অব্যাহত আছে নিচাযুক্ত সামগ্ৰী বিৰোধী অভিযান। এই অভিযানৰ মাজতেই নগাঁৱৰ হেৰাপত্তিত আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ। কিন্তু এই অভিযান ড্ৰাগছতেই সীমাবদ্ধ নাথাকিলে।

Advertisment

এই অভিযানতে কেঁচু খান্দোতে উলালে সাপ। আৰক্ষীয়ে মাটি খান্দি উলিয়ালে লাখ লাখ টকা। আৰক্ষীয়ে বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মাটি খান্দি উলিয়ালে টকা আৰু ড্ৰাগছ।

প্ৰায় ৩৫০০০০ টকাৰ লগতে ৪বাকচ ড্ৰাগছ জব্দ কৰিলে নগাঁও আৰক্ষীয়ে। আৰক্ষীয়ে এই অভিযানত এগৰাকী মহিলাসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক কৰে। আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ৰহিমা খাতুন আৰু আফাজ উদ্দিন ।

Also Read: অৱসৰৰ ৬ বছৰৰ পাছতো গ্ৰেচ্যুইটিৰ ধন লাভ কৰা নাই বেচা-কিনা নিগমৰ ১০ বিষয়া-কৰ্মচাৰীয়ে

nagaon police