নগাঁৱত হিৰইন সহ এজন গ্ৰেপ্তাৰ...

নগাঁৱৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ ৰোধ কৰাত আৰক্ষী সফল হব পৰা নাই।

author-image
Asomiya Pratidin
New Update
নগাঁৱত হিৰইন সহ এজন গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ, নগাঁও : নগাঁৱৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ অভিযান অব্যাহত ৰাখিছে যদিও ড্ৰাগছৰ প্ৰচলন আৰু সৰবৰাহ ৰোধ কৰাত আৰক্ষী সফল হব পৰা নাই। ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ নতুন কৌশল অৱলম্বন কৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায় চলাই আহিছে।

Advertisment

অৱশ্যে এই ক্ষেত্ৰত আৰক্ষীয়ে নগাঁও জিলাক ড্ৰাগছ মুক্ত কৰিবৰ বাবে প্ৰতিদিনেই অভিযান অব্যাহত ৰাখিছে। ইয়াৰ অংশ হিচাপে শুকুৰবাৰে বিয়লি নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত পশ্চিম চিলঙনিত অভিযান চলায়।

অভিযানত এজন ড্ৰাগছ সৰবৰাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাকাৰী জন হ'ল পশ্চিম চিলঙনিৰ দিলদাৰ হুছেইন (২৮)। আৰক্ষীয়ে দিলদাৰৰ ঘৰৰ পৰা হেৰইন ভৰ্তি তিনিটা চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা হিৰইনখিনিৰ ওজন ৪৪.৬৭ গ্ৰাম । অধিক তথ্য আহৰনৰ বাবে দিলদাৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: অসম পৰ্বতাৰোহণ সন্থাৰ কাঞ্চনজংঘা অভিযান : ৰাষ্ট্ৰপতিৰ ফ্লেগ অফ্...

Assam police nagaon police