কল্লোল চিত্ৰাংকণ বিদ্যালয়ৰ চিত্ৰ প্ৰদৰ্শনীৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাস্কর্য শিল্পী বীৰেন সিংহ

কল্লোল চিত্ৰাংকণ বিদ্যালয়ৰ সপ্তাহযোৰা চিত্ৰ প্ৰদৰ্শনীৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাস্কর্য শিল্পী বীৰেন সিংহ

author-image
Asomiya Pratidin
New Update
কল্লোল চিত্ৰাংকণ বিদ্যালয়ৰ চিত্ৰ প্ৰদৰ্শনীৰ শুভ উদ্বোধনী অনুষ্ঠানত ভাস্কর্য শিল্পী বীৰেন সিংহ

ডিজিটেল সংবাদ,নগাঁও :নগাঁও চহৰৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কল্লোলৰ তত্বাৱধানত পৰিচালিত কল্লোল চিত্ৰাংকণ বিদ্যালয়ত শুকুৰবাৰৰ পৰা সপ্তাহ যোৰা কাৰ্যসূচীৰে এখনি চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। প্ৰসিদ্ধ চিত্ৰশিল্পী প্ৰয়াত প্ৰণৱ বৰুৱাৰ লগতে কল্লোল চিত্ৰাংকণ বিদ্যালয়ৰ লগত ওত:প্ৰোত: জড়িত প্ৰয়াত চাৰিগৰাকী ব্যক্তি ক্ৰমে মৰ্জিনা বেগম, ব্ৰজেন বৰা, অসিত পাল আৰু কিৰণ শংকৰৰ পবিত্ৰ স্মৃতিত আয়োজিত এই চিত্ৰ প্ৰদৰ্শনীখন আজি দুপৰীয়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে প্ৰথিতযশা ভাস্কর্য শিল্পী বীৰেন সিংহই ।

Advertisment

চিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰি দিয়া ভাষণত ভাস্কৰ্যশিল্পী সিংহই নিজৰ জীৱনৰ অভিজ্ঞতা দাঙি ধৰাৰ লগতে সাহিত্য- সংস্কৃতি, চিত্ৰ আৰু শিল্প কলাৰ উত্তৰণত সাংস্কৃতিক গোষ্ঠী কল্লোলে আগবঢ়াই অহা অৱদানৰ বিষয়ে উল্লেখ কৰে। আনহাতে কল্লোল চিত্ৰাংকণ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰয়াত বিশিষ্ট চিত্ৰ শিল্পী প্ৰণৱ বৰুৱাৰ উচ্চ মানৰ শিল্প প্ৰতিভাক তেওঁ শ্ৰদ্ধাৰে স্মৰণ কৰে ।

আনহাতে মানুহৰ বাবেই পৃথিৱীখন আজিও সুন্দৰ হৈ থকা বুলি উল্লেখ কৰি ভাস্কর্য শিল্পী সিংহই লগতে কয় যে এজোপা গছৰ সুন্দৰ ফলটো খোৱাৰ সময়ত আমি গছজোপাৰ শিপাদালৰ কথা মনত ৰাখিব লাগিব। ফলটোৰ তৃপ্তি লবলৈ যাওঁতে আমি গছজোপাৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰা উচিত।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পঞ্চাশ বছৰ গৰকা কল্লোল সাংস্কৃতিক গোষ্ঠীয়ে নগাঁৱত চিত্ৰকলা, ভাস্কর্য, সাহিত্য, সংস্কৃতিকে ধৰি সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বিষয়ে উল্লেখ কৰি কল্লোলক নগাঁৱৰ আৱেগ বুলি মন্তব্য কৰে।

আনহাতে নগাঁৱৰ সোঁ মাজেৰে বৈ যোৱা কলং নৈক পুনৰ উজ্জীৱিত কৰিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰি বিধায়ক গৰাকীয়ে কয় কলঙক পুনৰ জীৱিত কৰা দু:সাহসিক কাম যদিও আমি চেষ্টাৰ ত্ৰুটি কৰা নাই । নগাঁও চহৰক সৰ্বাংগসুন্দৰ কৰি তুলিবৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আচঁনিৰ বিষয়ে উল্লেখ কৰি বিধায়ক শৰ্মাই নগাঁও চহৰৰ ছয়আলি অঞ্চলত নিৰ্মান কাৰ্য চলি থকা ড: ভূপেন হাজৰিকা কলাতীৰ্থ সম্পূৰ্ণ হৈ উঠিলে শিল্প-সংস্কৃতিৰ ক্ষেত্ৰত নগাঁৱে এক নতুন মাত্ৰা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।

আনহাতে সাংস্কৃতিক গোষ্ঠী কল্লোলৰ আন্ত: গাঠনি উন্নয়নৰ বাবে বিধায়ক শৰ্মাই বিধায়ক পুঁজিৰ পৰা দহ লাখ টকা আৰ্থিক অনুদান আগবঢ়াব বুলিও সভাত ঘোষণা কৰে । বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতিয়ে আঁত ধৰা আৰু কল্লোলৰ সম্পাদক নৌচাদ আখতাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত কল্লোলৰ সভাপতি লোহিত কলিতা, কল্লোল চিত্ৰাংকণ বিদ্যালয়ৰ অধ্যক্ষ টিকেন্দ্ৰজিৎ শইকীয়া, সমাজ সেৱক মুৰুলী শৰ্মা, জ্যেষ্ঠ সাংবাদিক মানস মহন্ত, প্ৰাক্তন প্ৰশাসনিক বিষয়া চন্দ্ৰমোহন কাকতি প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু শিল্পানুৰাগী লোকে অংশ গ্ৰহণ কৰে ।

Also Read: ঋণ দিয়াৰ নামত সাংবাদিকৰ পত্নীৰ দাবী ৭৫০০ টকা! ৫ জনৰ বিৰুদ্ধে এজাহাৰ