মালভোগ বাবা আনন্দ আশ্ৰমত ১২৫ বছৰীয়া জয়ন্তী মহোৎসৱ

মালভোগ বাবা আনন্দ আশ্ৰমত ১২৫ বছৰীয়া জয়ন্তী মহোৎসৱ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

ডিজিটেল সংবাদ, নগাঁও: ঐতিহ্যমণ্ডিত মালভোগ বাবা আনন্দ আশ্ৰম শিৱ মন্দিৰত ১২৫ বছৰীয়া জয়ন্তী মহোৎসৱ। নগাঁও চহৰৰ আমোলাপট্টিৰ কলংপাৰৰ জখলাবন্ধা বৰ্দ্ধিত পথত অৱস্থিত শিৱ মন্দিৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী ৰুদ্ৰ যজ্ঞ।

১২৫বছৰীয়া জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি গিৰীন্দ্ৰ কুমাৰ বৰুৱাই জানিবলৈ দিয়া মতে ৩১জুলাইত পুৱা ৯-৩০ বজাত বৃহৎ ধ্বজা স্থাপনৰে কাৰ্যসূচী পাতনি মেলা হব। বিয়লি স্মৃতিগ্ৰন্থ উন্মোচন কৰা হব। বিশিষ্ট সংস্কৃত পণ্ডিত ৰোহিনী বল্লভ দেৱ গোস্বামীয়ে স্মৃতি গ্ৰন্থ উন্মোচন কৰিব ।

পহিলা আগষ্টৰ পুৱা মঙ্গলচাৰণৰ পিছতে নান্দী শ্ৰাদ্ধ , জল আহৰন যাত্ৰা , সূৰ্যাগ্নী আহৰন, ঋত্বিকসকলৰ পাদ প্ৰক্ষালনৰ পিছতে পূজা কৰ্ম আৰু আহুতি প্ৰদান আৰম্ভ হব । ২ আগষ্টৰ বিয়লি মহাশান্তি, আশংসা , নিৰ্মালী প্ৰদান আৰু প্ৰসাদ বিতৰনে কাৰ্যসূচী সামৰনি পেলোৱা হব ।

১২৫ বছৰীয়া জয়ন্তী মহোৎসৱৰ দ্বিতীয় কাৰ্যসূচী অনুষ্ঠিত হব ৪ ছেপ্তেম্বৰত। ৪ ছেপ্তেম্পৰত শ্ৰীমন্ত শংকৰ গুৰুৰ তিৰোভাৱ তিথি অনুষ্ঠিত হব। সেই দিনাই ৰাম-বিজয় ভাওনাখনি কৰা হব ।

nagaon news