নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰথমখন মনোনয়ন পত্ৰ দাখিল ...

নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰথমখন মনোনয়ন পত্ৰ দাখিল ...

ডিজিটেল সংবাদ ,নগাঁও: ন নম্বৰ নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাবে সোমবাৰে প্ৰথম গৰাকী প্ৰাৰ্থীয়ে নিজা মনোনয়নপত্ৰ দাখিল কৰে । একাংশ সমৰ্থকৰে সৈতে আহি নগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ত মনোনয়নপত্ৰ দাখিল কৰা এপ্ৰাৰ্থী জনৰ নাম ছাইফুল ইছলাম চৌধুৰী। তেওঁ অসম জনমৰ্চাৰ প্ৰাৰ্থী হিচাপে নিজা মনোনয়নপত্ৰ দাখিল কৰে।

মনোনয়নপত্ৰ দাখিল কৰি অসম জন মৰ্চাৰ প্ৰাৰ্থী ছাইফুল ইছলাম চৌধুৰীয়ে সাংবাদিকৰ আগত কয় যে,কংগ্ৰেছ কিম্বা বিজেপি‌ নহয় এ আই ইউ ডি এফৰ প্ৰাৰ্থী গৰাকীহে হ'ব তেওঁৰ হ'ব মূল প্ৰতিদ্বন্দী । তেওঁৰ বিজয়ৰ সম্ভাৱনা থকা বুলি সদৰি কৰি লগতে কয় যে, ধুবুৰী সমষ্টিতো তেওঁৰ দলৰ প্ৰাৰ্থী শুকুৰ আলী ফাকে ফাকে ওলাই যোৱাৰ সম্ভাৱনা আছে।

আনহাতে অহা ৪ এপ্ৰিলত নগাঁও সংসদীয় সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাই মনোনয়নপত্ৰ দাখিল কৰিব।বৰাই মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত তেওঁক সংগ দিব মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা,কেশৱ মহন্ত,পীযুষ হাজৰিকা আদিয়ে।

আনহাতে, একেটা দিনতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও মনোনয়নপত্ৰ দাখিল কৰিব। বৰদলৈয়ে মনোনয়ন পত্ৰ দাখিল কাৰ সময়ত তেওঁক সংগ দিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলৰ দলপতি দেব্ৰবত শইকীয়া, বিধায়ক নুৰুল হুদা,শিৱামণি বৰা আদিয়ে।

উল্লেখ্য যে, ৪ এপ্ৰিলত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহোতে বিজেপি আৰু কংগ্ৰেছ ওভয় দলৰ প্ৰাৰ্থীদ্বয়ে বিশাল সমদলৰে নিজা নিজা শক্তি প্ৰদৰ্শন কৰিব।

ইয়াৰ লগতে এ আই ইউ ডি এফৰ প্ৰাৰ্থী আমিনুল ইছলামে অহা ৩ এপ্ৰিলত মনোনয়ন দাখিল কৰিব। ধিং সমষ্টিৰ বৰ্তমানৰ বিধায়ক গৰাকীয়ে নগাঁও সংসদীয় সমষ্টিৰ পৰা এ আই ইউ ডি এফৰ দলীয় প্ৰাৰ্থী হিচাপে বৃহৎ সংখ্যক সমৰ্থকসহ মনোনয়ন দাখিল কৰিব।

মনোনয়ন দাখিলৰ সময়ত এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমল সহ এ আই ইউ ডি এফৰ কেইবাজনো বিধায়কে তেওঁক সংগ দিব।এ আই ইউ ডি এফ দলেও মনোনয়ন দাখিল কৰিবলৈ আহোতে নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে বিশাল সমদল বাহিৰ কৰিব।

নগাঁও লোকসভা সমষ্টিৰ বাবে প্ৰথমখন মনোনয়ন পত্ৰ দাখিল ...
উন্নয়নে ঢুকি নোপোৱা এখন গাঁও! ভোট বৰ্জনৰ হুংকাৰ ৰাইজৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in