নগাঁও লোকসভা সমষ্টিত আজি দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

মই শিখা শৰ্মাই কাকো জিকাবলৈ অহা নাই, নিজে জিকিবলৈ আহিছো। সমষ্টিটোত মই সাত মাহ ধৰি প্ৰচাৰ চলাই আছো : শিখা শৰ্মা
নগাঁও লোকসভা সমষ্টিত আজি দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

ডিজিটেল সংবাদ,নগাঁও : সমাগত লোকসভা নিৰ্বাচনৰ বাবে নগাঁও লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ বাবে মঙলবাৰে দুগৰাকী প্রাৰ্থীয়ে নিজা মনোনয়ন পত্ৰ দাখিল কৰিছে। আজি দুপৰীয়া একাংশ সমৰ্থকৰে সৈতে আহি নগাঁৱৰ আয়ুক্ত কাৰ্যালয়ত সংশ্লিষ্ট বিষয়াৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰা প্ৰাৰ্থী দুগৰাকী হৈছে শিখা শৰ্মা আৰু আবু শ্বামা।

তেওঁলোক দুয়োগৰাকীয়েই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজা নিজা মনোনয়নপত্ৰ দাখিল কৰে। উল্লেখ্য যে,নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মাই এখন মনোনয়ন পত্ৰ আৰু আবু শ্বামাই দুখন মনোনয়ন পত্ৰ দাখিল কৰিছে।

মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্দলীয় প্ৰাৰ্থী শিখা শৰ্মাই কয়- "মই শিখা শৰ্মাই কাকো জিকাবলৈ অহা নাই, নিজে জিকিবলৈ আহিছো।" "সমষ্টিটোত মই সাত মাহ ধৰি প্ৰচাৰ চলাই আছো। মই ৰাইজৰ কাৰণে ঘাম -তেজ একাকাৰ কৰি দিছো। অসমৰ ৰাইজৰ কাৰণে মই দুবাৰকৈ জেল খাইছো। মোৰ প্ৰচাৰ ৰাইজে কৰি আছে।" বুলি শিখা শৰ্মাই কয়।

নগাঁও লোকসভা সমষ্টিত আজি দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
কৃষি পৰিদৰ্শক-কৰ্মচাৰী পৰিষদৰ নেতা মদন চন্দ্ৰ বৰুৱাক বিদায় সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in