/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a4793d6b-967a-4750-846e-684883622df8/3.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ দেওবাৰে নগাঁও লায়ন্স ক্লাবৰ প্ৰেক্ষাগৃহত নগাঁও চিটি, নগাঁও গ্ৰেটাৰসহ এখন মাণ্ডলিক সভা অনুষ্ঠিত হয়। এই অনুষ্ঠানত নগাঁৱৰ পৰা শ্ৰী শ্ৰী কেদাৰনাথ মন্দিৰ লৈ পদব্ৰজে যাত্ৰা কৰা নগাঁও ফৌজদাৰীপট্টিৰ যুৱক শ্ৰী পাপু পেটেলক সম্বৰ্ধনা জনোৱা হয়।
উল্লেখ্য যে, পাপু পেটেলে যোৱা ১৯ জুন ২০২৩ ৰ পৰা ১৮ চেপ্তেম্বৰ ২০২৩ লৈ ৯২ দিন পদব্ৰজে গৈ কেদাৰনাথ মন্দিৰত উপস্থিত হৈছিল। পাপু পেটেলক এখনি ফুলাম গামোচা আৰু এখন সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰা হয়।
উক্ত অনুষ্ঠানত নগাঁও লায়ন্স ক্লাবৰ সভাপতি ৰূপ ৰঞ্জন দাস, সম্পাদিকা মনিকা সাহা, কোষাধ্যক্ষ গুৰুচৰন সিং, মহাবীৰ আগৰৱালা,বিশ্বজিৎ মহন্ত, প্ৰলয় সাহা, সাৰাংগ বল্লভ গোস্বামী, যুগল কিশোৰ আগৰৱালা, হৰদৰ্শন সিং, ধীৰাজ বৰদলৈ,মালচন্দ আগৰৱালা, ভাৰতী নাহাটাসহ কেইবাজনো লায়ন্স ক্লাবত উপস্থিত থাকে।
Also Read: বজালী উন্নয়ন খণ্ডৰ কাৰ্য্যলয়ত "মোৰ দেশ মোৰ মাটি" কাৰ্যসূচী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us