পৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ নগাঁও উকীল সন্থাৰ

ৰাজ্যখনৰ সকলোবোৰ পৌৰ নিকায় ,নিগম আদিৰ আবাসিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ অস্বাভাৱিক কৰ বৃদ্ধি কৰাৰ প্ৰতিক্ৰিয়া সমগ্র অসমতে অব্যাহত আছে।

author-image
Asomiya Pratidin
New Update
পৌৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ নগাঁও উকীল সন্থাৰ

ডিজেটেল সংবাদ, নগাঁও : ৰাজ্যখনৰ সকলোবোৰ পৌৰ নিকায় ,নিগম আদিৰ আবাসিক আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ অস্বাভাৱিক কৰ বৃদ্ধি কৰাৰ প্ৰতিক্ৰিয়া সমগ্র অসমতে অব্যাহত আছে।ৰাজ্যখনৰ আন পৌৰ নিকায়ৰ লগতে নগাঁও পৌৰ সভাই পৌৰ এলেকাৰ বাসিন্দাসকলৰ পৌৰ কৰ বৃদ্ধি কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে নগাঁও উকীল সন্থাই ৷

Advertisment

সন্থাৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত সন্থাৰ সভাপতি আবুল হাচিম খণ্ডকাৰ,জেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰা ,মহেশ দাসে পৌৰ কৰ বৃদ্ধি পৌৰসভাৰ হঠকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰে । অভিযোগ কৰে যে পৌৰকৰ বৃদ্ধিৰ জৰিয়তে সৰ্বসাধাৰণ নাগৰিকৰ মূৰৰ ওপৰত ৰাম টাঙোন সোধাব বিচাৰিছে চৰকাৰে৷ সংবাদ মেলত সন্থা বিষয়ববীয়া সকলে অস্বাভাৱিক পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে অসমৰ নাগৰিক সকলক প্ৰতিবাদ গঢ়ি তুলিবলৈ আহ্বান জনায়‌।

আনহাতে কৰ বৃদ্ধিৰ ক্ষেত্ৰত ৰাইজৰ ওজৰ আপত্তি নগাঁও পৌৰসভাই গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰে নগাঁও উকিল সন্হাই ৷ এই ক্ষেত্ৰত ৰাইজক প্ৰতিবাদ কৰিবলৈও সন্থাই অনুৰোধ জনায় ।

সংবাদ মেলৰ অন্তত নগাঁও জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰি সন্থাই পৌৰকৰ বৃদ্ধিৰ ওজৰ আপত্তিৰ সময় এমাহ বৃদ্ধি কৰাৰ দাবী জনাই ৷ সংবাদ মেলত তেওঁলোকে জানিবলৈ দিয়ে যে পৌৰকৰ বৃদ্ধিৰ বিৰুদ্ধে জনমত গঢ়ি তোলাৰ বাবে ১৭ মাৰ্চৰ দিনৰ বজাত সন্থাৰ কাৰ্যালয়ত এখন নাগৰিক সভাৰ আয়োজন কৰা হৈছে। সভাত নগাৱৰ সকলো দল,সংগঠন ,নাগৰিক সকলক অংশগ্ৰহণ কৰিবলৈ সন্থাই আহ্বান জনাইছে।

Also Read: কোটি কোটি টকা ব্যয় কেবিনেট বৈঠকৰ নামত, তথ্য উন্মোচন...