কোটি কোটি টকা ব্যয় কেবিনেট বৈঠকৰ নামত, তথ্য উন্মোচন...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই লৈছিল এক বিশেষ সিদ্ধান্ত। সেই সিদ্ধান্ত অনুসৰি কেৱল দিছপুৰতে নহয়, অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট

author-image
Asomiya Pratidin
New Update
৫০ কোটি লোকচানত বিক্ৰী হ'ব কাগজ কলৰ অৱশিষ্ট যন্ত্ৰাংশ

himanta

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতেই লৈছিল এক বিশেষ সিদ্ধান্ত। সেই সিদ্ধান্ত অনুসৰি কেৱল দিছপুৰতে নহয়, অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হ'ব ৰাজ্যিক কেবিনেট। ইয়াৰ দ্বাৰা মন্ত্ৰী সমূহে কেবিনেট অনুষ্ঠিত হ'বলগীয়া জিলাখনৰ লগতে ওচৰ পাজৰৰ স্থান সমূহৰো পৰিদৰ্শন কৰিব আৰু উন্নয়নৰ বাবে সিদ্ধান্ত ল'ব।

Advertisment

ইয়াৰ পাছতেই ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈ আহিছে কেবিনেট বৈঠক। দিছপুৰৰ বাহিৰত অনুষ্ঠিত হোৱা কেবিনেট বৈঠক সমূহত চৰকাৰৰ কিমান টকা ব্যয় হৈছে সেই সন্দৰ্ভত মঙলবাৰে বিত্ত বিভাগে তথ্য উন্মোচন কৰিছে বিধানসভাত। বিধানসভাত ৯খন জিলাৰ ব্যয়ৰ তথ্য দিলে বিত্ত বিভাগে। তলত সৱিশেষ উল্লেখ কৰা হ'ল-

  • যোৰহাটত ব্যয় হৈছিল ৪৮লাখ ৪২ হাজাৰ ১৭৩টকা।

  • শিলচৰত ব্যয় হৈছিল ৩০ লাখ ৬০ হাজাৰ টকা।

  • ডিমা হাছাওত ব্যয় হৈছিল ১ কোটি ১৩ লাখ ৯২ হাজাৰ ৩৯৯ টকা।

  • কোকৰাঝাৰত ব্যয় হৈছিল ২১লাখ ৯ হাজাৰ ১০৮ টকা।

  • বঙাইগাঁৱত ব্যয় কৰা হৈছিল ৫৫ লাখ ৫৪ হাজাৰ ৩৪ টকা।

  • শোণিতপুৰত ব্যয় কৰা হৈছিল ৭ লাখ ৬৯ হাজাৰ টকা।

  • ধেমাজিত ব্যয় কৰা হৈছিল ৩৪ লাখ ৮ হাজাৰ ৩৬১টকা।

  • ডিব্রুগড়ত ব্যয় কৰা হৈছিল ৩৫ লাখ ১৫ হাজাৰ ৯১২ টকা.।

  • গান্ধীমণ্ডপৰ বৈঠকত ব্যয় হৈছিল ২১লাখ ৭৯হাজাৰ ১২৯টকা.

Also Read: ক'ত হেৰাল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা?

ASSAM CABINET