Advertisment

সৰস্বতী পূজাত নতুন পাঠক সৃষ্টিৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীলৈ কিতাপ উপহাৰ...

সৰস্বতী পূজা উপলক্ষে পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় আৰু চামগুৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত একোখনকৈ কিতাপ তুলি দিয়ে পুৰণিগুদাম কবি সন্মিলনে।

author-image
Tushar Pratim
New Update
সৰস্বতী পূজাত নতুন পাঠক সৃষ্টিৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীলৈ কিতাপ উপহাৰ...

ডিজিটেল সংবাদ, নগাঁও:  আজি সৰস্বতী পূজা উপলক্ষে নগাঁও জিলাৰ পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় আৰু চামগুৰি মহাবিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতত একোখনকৈ কিতাপ তুলি দি কিতাপৰ উৎসৱ পালন কৰে পুৰণিগুদাম কবি সন্মিলনে। লগতে এটা কিতাপৰ টোপোলা মহাবিদ্যালয়ৰ পুথিভঁড়াললৈ আগবঢ়ায়। 

Advertisment

পুৰণিগুদাম কবি সন্মিলনৰ সভাপতি নবীন কলিতা আৰু সম্পাদক হিৰণ্য কুমাৰ শৰ্মাৰ উদ্যোগত শিশু বন্ধু দুলাল বৰাই পুৰণিগুদাম ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষৰ হৈ উপাধ্যক্ষ ড° কমল শইকীয়া আৰু ড° অংকুৰ বনিয়াই আৰু চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষৰ হৈ সহকাৰী অধ্যাপক দিলীপ কুমাৰ দাস, ৰফিকুল ইচলাম, কাৰ্যালয় সহায়ক তৰুন বৰা আৰু মিন্টু কমল দাসৰ হাতত কিতাপৰ টোপোলা প্ৰদান কৰে।

লগতে  জাতিৰ গৌৰৱ, দেশৰ গৌৰৱ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে একোখনকৈ কিতাপ তুলি দি কিতাপ পঢ়ি জগত চিনা আৰু কিতাপ জগত জিনাৰ আহ্বান জনাই শিশু বন্ধু দুলাল বৰাই। ভোটাই ডেকা গ্ৰন্থৰ লেখক নবীন কলিতাই হেম বৰুৱাৰ কথাৰে- সৰস্বতী পূজা কৰি জ্ঞানী হ'বলৈ যত্ন কৰাতকৈ দুখন কিতাপ পঢ়াটো ভাল বুলি কয়।

সৰস্বতী পূজাত নতুন পাঠক সৃষ্টিৰ লক্ষ্যৰে ছাত্ৰ-ছাত্ৰীলৈ কিতাপ উপহাৰ...

লগতে আজি যি কেইগৰাকী ছাত্ৰ-ছাত্ৰীৰ হাতত কিতাপ তুলি দিয়া হৈছে তেখেতসকলে পঢ়ি শেষ হলে কিতাপখনৰ ওপৰত এটা চমু আলোচনাৰ টোকা লিখি মহাবিদ্যালয়ৰ অধ্যক্ষৰ ওচৰত জমা দিবলৈ কোৱাৰ লগতে পঢ়ি শেষ হোৱা কিতাপ আন এজন ছাত্ৰ বা ছাত্ৰীলৈ আগবঢ়াই পঢ়াৰ ধাৰবাহিকতা ৰাখিবলৈ আহ্বান জনাই।

কিতাপখনৰ ওপৰত ভাল চমু আলোচনা পালে কলেজৰ বাৰ্ষিক আলোচনী সম্পাদকে প্ৰকাশ কৰিব পাৰিব।

সৰস্বতী পূজা কিতাপ