/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/58e46f1f-978e-4ef6-914e-ccc5e3861566/9.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলাৰ বানপৰিস্থিতিৰ সামান্য উন্নত হৈছে যদিও এতিয়াও অধিকাংশ বানাক্ৰান্ত ঘৰলৈ উভতি যাব পৰা নাই। জিলাখনত হোৱা তিনিটাকৈ বানপানীয়ে বিস্তৰ ক্ষতিসাধন কৰিছে। বানপানীয়ে জিলাখনৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন কৰিছে। ঠায়ে ঠায়ে কৃষিভূমিত সাগৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে।
তৃতীয়টো বানত কলিয়াবৰ ৰাজহ চক্ৰত সৰ্বাধিক ক্ষতি হৈছে। ব্ৰহ্মপুত্ৰৰ পানী কলঙৰে সোমাই অহাৰ ফলত কলিয়াবৰত বিস্তৰ ক্ষতি সাদন কৰে। কলিয়াবৰৰ ৫৫ খন গাঁও বানৰ কবলত পৰাৰ লগতে ৬০ হাজাৰৰো অধিক লোক বানত আক্ৰান্ত হৈছে। ১৬ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমিৰ ক্ষতিসাধন হৈছে।
কৃষিভূমি বানপানীয়ে বুৰাই পেলোৱাৰ ফলত কলিয়াবৰৰ হাজাৰ হাজাৰ হেক্টৰ কৃষিভুমিৰ শালিধানৰ খেতি ,কঠিয়া ,বিভিন্ন তৰহৰ শাকপাচলিৰ খেতি নষ্ট হোৱাত খেতিয়ক সকলৰ মাজত হাহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। স্থানীয় খেতিয়কসকলে জনোৱা মতে সোনকালে পানী শুকোৱাৰ কোনো সম্ভাৱনা নাই। যাৰ বাবে এইবাৰ খেতিয়কসকল আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব। দলগাঁও ,বৰপেটা , দাৰিগজি, শিৱস্থান ,গঢ়গুৰি ,খালৈআটি ,দেওপানী আদি অঞ্চলৰ পথাৰত এতিয়া সাগৰ সদৃশ পৰিস্থিতি। জিলাখনৰ কামপুৰ ,ৰহা ৰাজহ চক্ৰত বানপৰিস্থিতি উন্নত হৈছে যদিও তিনিটা বানত ৰাজহ চক্ৰ দুটাৰ কৃষিভুমিৰ বিস্তৰ ক্ষতিসাধন হৈছে।
মিছা আৰু ডিজু নৈৰে কলঙৰ পানী উভতি বোৱাত কলিয়াবৰৰ পশ্চিম প্ৰান্তৰ বহু গাঁও বানৰ কবলত পৰিছে। ইফালে শুকুৰবাৰৰ তুলনাত শনিবাৰে নগাঁও চহৰত কলঙৰ জলস্তৰ সামান্য হ্ৰাস হৈছে। একেদৰে শিলঘাটত ব্ৰহ্মপুত্ৰৰ আৰু কামপুৰত কপিলীৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে।
Also Read: প্ৰবীণ কংগ্ৰেছ নেতা কনক বৰুৱাৰ বিয়োগ...