ঘৰে ঘৰে পানীৰ নামত প্ৰহসন : নগাঁৱত কামতকৈ বিল বনাই দিয়াতহে গুৰুত্ব বিষয়াৰ

কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা জল জীৱন মিছনৰ নামত প্ৰহসন ৷

author-image
Asomiya Pratidin
New Update
ঘৰে ঘৰে পানীৰ নামত প্ৰহসন : নগাঁৱত কামতকৈ বিল বনাই দিয়াতহে গুৰুত্ব বিষয়াৰ

ডিজিটেল সংবাদ , নগাঁও: কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা জল জীৱন মিছনৰ নামত প্ৰহসন ৷ নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টি অন্তৰ্গত বেঙেনাআটিৰ ৰাইজৰ বিশুদ্ধ খোৱা পানীৰ দীৰ্ঘদিনীয় অভাৱ পূৰণ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগে জল জীৱন মিছন আঁচনি অধীনত কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা পানীযোগান আচঁনিখনত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে ৷

Advertisment

এই আঁচনিখনে সামৰি লৈছে বৃহত্তৰ বেঙেনাআটি অঞ্চলৰ উত্তৰ বেঙেনাআটি, মধ্য বেঙেনাআটি, হীৰাগাওঁ, গান্ধী নগৰ, পূব বেঙেনাআটি, আৰু বেঙেনাআটি কলংপাৰ অঞ্চল।স্হানীয় লোকৰ মতে উক্ত আঁচনিৰ কাম সম্পূৰ্ণ হোৱা এবছৰ কাল পাৰ হ'ল। জানিব পৰা মতে দুমাহ পূৰ্বে আঁচনিখনি দায়িত্ব বেঙেনাআটি গাওঁপঞ্চায়তক অৰ্পন কৰা হৈছে ৷

কিন্তু স্থানীয় একাংশ লোকৰ অভিযোগ আচঁনিৰ বিশুদ্ধ খোৱা পানী খাবলৈহে পোৱা নাই ৷ ঠিকাদাৰ আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ অবহেলাৰ বাবেই আঁচনিখনৰ পৰা ৰাইজে বৰ্তমানেও পৰ্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই। যাৰ ফলত ৰাইজে এৰা কলঙ মৰিকলঙৰ অপৰিস্কাৰ পানীৰেই ঘৰুৱা দৈনন্দিন কাৰ্য সম্পাদন কৰাৰ লগতে অতিৰিক্ত আইৰণযুক্ত দমকলৰ পানীকে খোৱা পানী হিচাপে ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে।

আনহাতে আঁচনিটোত ব্যৱহাৰ হোৱা পি ভি চি পাইপ সমূহো অতি নিম্নমানৰ হোৱা বাবেই ঠায়ে-ঠায়ে পাইপ লিকেজ হৈ পানী অপচয় হোৱাও পৰিলক্ষিত হৈছে । বিভাগীয় সূত্ৰই আঁচনিৰ কাম প্ৰায় সম্পূৰ্ণ হোৱা বুলি দাবী কৰিছে যদিও বৰ্তমানেও বিভিন্ন এলেকাৰ বাসগৃহত পানীৰ সংযোগ ঠিকাদাৰে নকৰি লুন্ঠন চলাব বিচাৰিছে ৷ পানী সংযোগ কৰা গৃহসমূহেও পৰ্যাপ্ত পানী লাভ নকৰাৰো অভিযোগ উঠিছে ৷ আনহাতে আঁচনিখনিত কোনো ধৰণৰ চৰকাৰী ফলক ব্যৱহাৰ নকৰাকৈ ৰখা পৰিলক্ষিত হৈছে ৷

Also Read: তীব্রবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল মনোৰঞ্জন দাস নামৰ যুৱকজনৰ