/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ad2e3ed1-6455-417d-9334-4e09ac569020/z11.jpg)
ডিজিটেল সংবাদ, নগাঁও : অসম চৰকাৰৰ দ্বাৰা আয়োজিত "স্বচ্ছতাই সেৱা ২০২৩" আৰু স্বচ্ছ ভাৰত অভিযান (নগৰ)ৰ অধীনত ৫০ হাজাৰতকৈ অধিক জনবসতি থকা নগৰৰ ভিতৰত ৰাজহুৱা শৌচাগাৰ ব্যৱস্থা আৰু মুক্ত প্ৰস্ৰাৱ স্থান নিৰ্মূলকৰণ শিতানত শ্ৰেষ্ঠতা প্ৰদৰ্শনকাৰী নগৰ হিচাপে নগাঁও চহৰক স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে ২ লক্ষাধিক লোকৰ বসতি প্ৰধান নগাঁও চহৰক স্বচ্ছ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা নগাঁও পৌৰসভাই ৰাজহুৱা শৌচাগাৰ ব্যৱস্থা আৰু মুক্ত প্ৰস্ৰাৱ স্থান নিৰ্মূলকৰণত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হয়।
এই ক্ষেত্ৰত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰাৰ বাবে সোমবাৰে গান্ধী জয়ন্তীৰ পৱিত্ৰ দিনটোত অসম চৰকাৰৰ তৰফৰ পৰা গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নগাঁও পৌৰসভাক বঁটা আৰু মানপত্ৰ প্ৰদান কৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰে এই বঁটা আৰু মানপত্ৰ গ্ৰহণ কৰে।
এই বঁটা আৰু মানপত্ৰ লাভ কৰাৰ পাচতে স্বাভাৱিকতে নগাঁও পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি, কাৰ্যবাহী বিষয়া, পৌৰ আয়ুক্তসকল, কৰ্মচাৰী, স্বচ্ছতা কৰ্মী , আত্ম সহায়ক গোটৰ লগতে নাগৰিক সকল উৎফুল্লিত হৈ পৰে। নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ আৰু উপ-পৌৰপতি সীমান্ত বৰাই চহৰখনক স্বচ্ছ কৰি ৰখাত অহোপুৰুষাৰ্থ কৰা পৌৰসভাৰ আয়ুক্তসকলৰ লগতে স্বচ্ছতাকৰ্মী আৰু আত্মসহায়ক গোটসমূহক ধন্যবাদ জ্ঞাপন কৰে।
আনহাতে নগাঁও পৌৰসভা এলেকাক স্বচ্ছ কৰি তোলাৰ ক্ষেত্ৰত বিভিন্ন আঁচনিৰ জৰিয়তে আধুনিক সা-সৰঞ্জাম, বাহন আদি যোগান ধৰাত উদ্যোগ গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্থানীয় বিধায়ক ৰূপক শৰ্মাক নগাঁও পৌৰসভাৰ তৰফৰ পৰা পৌৰপতি আৰু উপ-পৌৰপতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে । নগাঁও চহৰক পৰিস্কাৰ পৰিছন্ন কৰি ৰখাৰ বাবে পৌৰসভা কৰ্তৃপক্ষই নগাঁওবাসী ৰাইজৰ সহযোগিতাৰ শলাগ লয়।
Also Read: মঙলদৈত সাংসদ দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদ