উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ নগাঁৱত সামগ্ৰিক উৰ্ত্তীৰ্ণৰ হাৰ ৯৩ .০৯ শতাংশ..

উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ নগাঁৱত সামগ্ৰিক উৰ্ত্তীৰ্ণৰ হাৰ ৯৩ .০৯ শতাংশ..

ডিজিটেল সংবাদ,নগাঁওঃ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নগাঁও জিলাৰ ফলাফল যথেষ্ট উন্নত।বিগত বৰ্ষ সমূহৰ তুলনাত এইবাৰৰ উন্নত ফলাফলে জিলাখনলৈ এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।

আনহাতে চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান সমূহৰো ফলাফল উন্নত হোৱাটো এক গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। এইবাৰ জিলাখনৰ সামগ্ৰিক উত্তীৰ্ণৰ হাৰ ৯৩ .০৯ শতাংশ। কলা শাখাত ৯২৩১ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ বিপৰীতে উত্তীৰ্ণ হয় ৮৬৭৩ গৰাকী।

ইয়াৰ ভিতৰত ২৫৪০ গৰাকী প্ৰথম বিভাগত,৩৪১৮ দ্বিতীয় বিভাগত,২৭১৫ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।কলা শাখাত উত্তীৰ্ণৰ হাৰ ৯৩ .৯৬ শতাংশ। বিজ্ঞান শাখাত ৩২৫৯ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱৰ্তীৰ্ণ হোৱাৰ বিপৰীতে ২৯৬৪ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ১৭০২ গৰাকী প্ৰথম বিভাগত ,৮৬৮ গৰাকী দ্বিতীয় বিভাগত ,৩৯৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ ৯০ .৯৫ শতাংশ। বাণিজ্য শাখাত ৮১৪ গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৭৬৮ গৰাকী উত্তীৰ্ণ হয়। ইয়াৰ ভিতৰত ৩২১ গৰাকী প্ৰথম বিভাগত ,৩৩৪ গৰাকী দ্বিতীয় বিভাগত আৰু ১১৩ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ ৯৪ .৩৫ শতাংশ। সামগ্ৰিকভাবে এইবাৰ পৰীক্ষাৰ ফলাফল উন্নত হোৱাত ৰাইজৰ মাজত সন্তুষ্টি বিৰাজ কৰিছে। এইবাৰ জিলাখনৰ কেবাখনো শিক্ষানুষ্ঠানৰ পৰা স্থান লাভৰ সম্ভাৱনা আছিল যদিও শিক্ষা বিভাগে সেই সুবিধা কৰ্তন কৰাত কেবাগৰাকী ছাত্ৰ -ছাত্ৰী স্থান লাভৰ পৰা বঞ্চিত হোৱা বিষয়টোৱে নগাঁৱত ব্যাপক চৰ্চা লাভ কৰিছে।

উচ্চতৰ মাধ্যমিকৰ ফলাফলঃ নগাঁৱত সামগ্ৰিক উৰ্ত্তীৰ্ণৰ হাৰ ৯৩ .০৯ শতাংশ..
পুনৰ গঠন হ'ল নগা বিদ্ৰোহী সংগঠন "এনএছচিএন (কে) "

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in