নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ জয়

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ জয়

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ সফলতা ৷ অগপৰ ছাত্ৰ সংগঠনটোৰ সমৰ্থিত ৭গৰাকীকৈ ছাত্ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ শুকুৰবাৰে সম্পন্ন হোৱা মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে উৎফুল্লিত হৈ পৰে অসম ছাত্ৰ পৰিষদৰ শিবিৰ ৷

ফলাফল অনুসৰি নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ সাধাৰণ নিৰ্বাচনত সভানেত্ৰী পদত সুপ্ৰিয়া শৰ্মা, সাধাৰণ সম্পাদিকা পদত নেহা বসুমতাৰী, সহঃ সাধাৰণ সম্পাদিকা পদত পূজা শৰ্মা, সমাজ সেৱক সম্পাদিকা পদত দেবাশ্ৰী শইকীয়া, সংগীত সম্পাদিকা পদত প্ৰান্তিকা বৰা, শ্ৰেণী প্ৰতিনিধি পদত নিকিতা বৰা, ছানিয়া বড়োসহ মুঠ ৭টা পদত অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থী বিজয় হয়।

নগাঁও ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰী একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ জয়
বাল্যবিবাহত জড়িত টেণ্ট হাউচ-চাহ বিলোৱাজনো জগৰীয়াঃ শিশু সুৰক্ষা বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in