নগাঁৱৰ কণমানি শিল্পীৰ সাফল্য

নগাঁৱৰ কণমানি শিল্পীৰ সাফল্য

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ কণমানি শিল্পীৰ সাফল্য

ডিজিটেল সংবাদ,বেবেজীয়া: নগাঁও চহৰৰ আমোলাপট্টিৰ ৬২ সংখ্যক পূব নগাঁও ৰঙালী বিহু উৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰা সংগীত প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰি আয়ুসী ভৰদ্বাজে বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। চহৰখনৰ ৰত্নপুৰ অঞ্চলৰ বাসিন্দা তথা খ্ৰীষ্ট'জ্যোতি স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰে।

Advertisment

তিনিটা শাখাত অনুষ্ঠিত প্ৰতিযোগিতাখনত আয়ুসীয়ে "গ" শাখাৰ জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত প্ৰথম স্থান আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতত দ্বিতীয় পুৰস্কাৰ লাভ কৰে।এই পুৰস্কাৰ লাভ কৰাৰ লগতে শ্বহীদ পৰোজ বৰা সোঁৱৰণী চলন্ত শ্বিল্ড আৰু ললিত বৰা সোঁৱৰণী চলন্ত শ্বিল্ড লাভ কৰে।

ইয়াৰ উপৰিও চলিত বৰ্ষৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী হিচাবে নিৰ্বাচিত হোৱাত স্বৰ্গীয় মানিক বৰা আৰু বনলতা বৰা সোঁৱৰণী চলন্ত বঁটা লাভ কৰিবলৈ সক্ষম হয়।আয়ুসী ভৰদ্বাজ ইন্দ্ৰাশিস বৰুৱা আৰু ভাস্বতী শৰ্মা বৰুৱাৰ জ্যেষ্ঠ কন্যা।

Also Read: ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুই যুৱকৰ...