কলকাতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ বঢ়মপুৰৰ চন্দ্ৰিকা বৰদলৈৰ

কলকাতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ বঢ়মপুৰৰ চন্দ্ৰিকা বৰদলৈৰ

author-image
Asomiya Pratidin
New Update
কলকাতাত অনুষ্ঠিত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ীৰ খিতাপ বঢ়মপুৰৰ  চন্দ্ৰিকা বৰদলৈৰ

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰৰ চন্দ্ৰিকা বৰদলৈয়ে কলিকতাত অনুষ্ঠিত চাইন এণ্ড টাজ স্পাৰ্কলিং স্কাই সৌন্দৰ্য্য প্ৰতিযোগীতাত ২০২৩ বৰ্ষৰ চুড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰি সৃজনশীল প্ৰতিভাৰে নগাঁৱলৈ কঢ়িয়াই আনিছে এক আশাৰ বতৰা ৷ বঢ়মপুৰ আমনি নিবাসী তথা ভাস্কৰ বৰদলৈ আৰু জাহ্নৱী বৰদলৈৰ ১২ বছৰীয়া একমাত্ৰ কন্যা চন্দ্ৰিকা বৰদলৈ।

Advertisment

বঢ়মপুৰ শ্বহীদ স্মৃতি আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সপ্তমমান শ্ৰেণীৰ ছাত্ৰী চন্দ্ৰিকাই যোৱা ২৬ আগষ্টত " সাগৰিকা ফিল্ম এণ্টাৰটেইনমেণ্ট"ৰ দ্বাৰা আয়োজিত " চাইন এণ্ড টাজ কলকাতা চিজন ওৱান"ৰ" মিছ কিডছ" বি শাখাত সগৌৰৱেৰে দখল কৰিছে বিজয়ী খিতাপ । চন্দ্ৰিকাৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে গাঁওবাসী ।

কেৱল সেয়াই নহয় , পঢ়াৰ মাজতে মোবাইল ফোনৰ জৰিয়তে অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত কলকাতাত অনুষ্ঠিত উক্ত সৌন্দৰ্য্য প্ৰতিযোগিতাৰ মডেলিংত বিজয়ী খিতাপ দখল কৰিছে । সৌন্দৰ্য্যৰ দিশত চন্দ্ৰিকাই ইতিমধ্যে বহুকেইটা ৰাজ্যিক পৰ্য্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷

শেহতীয়াকৈ সুদূৰ গুৱাহাটীৰ বিশিষ্ট মডেলিং তথা মিচেচ এমপ্ৰেছ আৰ্থ, মিচেচ কুইন ইউনিভাৰচ, মিচেচ ইণ্ডিয়া হিচাপে পৰিচিত সাগৰিকা ৰয়ে কলিকতাত আঁত ধৰা সৌন্দৰ্য্য প্ৰতিযোগিতাত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা প্ৰতিযোগী সকলক হৰুৱাই সফলতা অৰ্জন কৰা চন্দ্ৰিকা বৰদলৈক লৈ গৌৰৱবোধ কৰিছে ৰাইজে ৷

Also Read: হে আৰক্ষী! অন্তত খাকী পোচাকযোৰৰ সন্মান ৰাখক...