নগাঁৱত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

নগাঁৱত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা

ডিজিটেল সংবাদ , নগাঁও: নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টডিয়ামত চলি আছে মহাৰজত জয়ন্তী সৰ্বভাৰতীয় স্বাধীনতা দিৱস কাপ আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। এই প্ৰতিযোগীতাত মঙলবাৰে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ খেলত অংশ গ্ৰহণ কৰে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু অসম পুলিচ একাদশে ।

দিবা-নৈশ আলোকত অনুষ্ঠিত খেলখনত দুয়োটা দলে তুমুল প্ৰতিদ্বন্দিতা আগবঢ়াই যদিও উক্ত খেলত অসম পুলিচ দলে ২-০ গলৰ ব্যৱধানত নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলক পৰাস্ত কৰি পৰৱৰ্তী কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। খেলৰ প্ৰথমাৰ্ধ পৰ্যন্ত গ'ল শূণ্য ভাৱে পাৰ হয় যদিও খেলৰ দ্বিতীয়াৰ্ধৰ ১০ মিনিট আৰু ১৫ মিনিটত অসম পুলিচ দলৰ ৰাকেশ দাসে একক প্ৰচেষ্টাৰে দুটাকৈ গ'ল দিবলৈ সক্ষম হয়।

আনহাতে, স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ ধিং ষ্টডিয়ামত অনুষ্ঠিত আন এখন খেলত কেৰালাৰ লুকা চ'কাৰ ক্লাব দলক গুৱাহাটীৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ স্পৰ্টছ ক্লাব দলে ৫- ০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।

ইপিনে, আজি বিয়লি নুৰুল আমিন ষ্টডিয়ামতে এই প্ৰতিযোগিতাৰ আন এখন খেলত ইষ্ট বেংগল ফুটবল ক্লাব দল কোকৰাঝাৰ গ্ল'বেল এফ চি দলৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেল খেলত অৱতীৰ্ণ হ'ব।

নগাঁৱত স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা
jet airways ৰ প্ৰতিষ্ঠাপক নৰেশ গোৱালাৰ ৫০০ কোটি টকাৰ সম্পত্তি জব্দ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in