নগাঁও জিলাৰ বান পৰিস্থিতিক লৈ তৎপৰ জিলা প্ৰশাসন...

যিকোনো জৰুৰীকালীন খবৰ, সহায়ৰ বাবে ৰাইজে টোল ফ্রী নম্বৰ ১০৭৭ আৰু ০৩৬৭২২৩৬৮২৭/ ০৩৬৭২২৩৮০০০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি নগাঁৱৰ জনসংযোগ বিভাগে এক বাৰ্তা যোগে অৱগত কৰিছে। 

author-image
Asomiya Pratidin
New Update
নগাঁও জিলাৰ বান পৰিস্থিতিক লৈ তৎপৰ জিলা প্ৰশাসন...

ডিজিটেল সংবাদ, নগাঁওঃ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত হোৱা জিলাখনৰ কামপুৰ, ৰহা আৰু কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলসমূহত নগাঁও জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বানাক্ৰান্তৰ মাজত খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানী, ঔষধপাতি, পশুধন খাদ্য আদি পৰ্যাপ্ত পৰিমানে বিতৰণৰ ব্যৱস্থা কৰা হৈছে। লগতে বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা শিবিৰ আৰু পশুধনৰ বাবে পশু চিকিৎসা শিবিৰৰ আয়োজন কৰা হৈছে। 

Advertisment

দেওবাৰে ৰহা ৰাজহচক্ৰৰ অন্তৰ্গত বাহাকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু কাকটিগাঁও নিম্ন প্ৰাথমিক বিদ্যালয়ত বানাক্ৰান্তৰ বাবে  স্থাপন কৰা বান সাহাৰ্য্য শিবিৰ দুটাত প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী, বিশুদ্ধ খোৱাপানীকে ধৰি সকলো সুবিধা প্ৰদান কৰা হৈছে। এই শিবিৰ দুটা ৰহা ৰাজহ চক্ৰ বিষয়া সুপ্ৰভা ৰয়ে পৰিদৰ্শন কৰি বানাক্ৰান্ত ৰাইজৰ লগত মতবিনিময় কৰি তেওঁলোকক সকলো ধৰণৰ সুবিধা প্ৰদানৰ আশ্বাস প্ৰদান কৰে। 

কালাপানী নৈৰ বাঢ়নী পানীৰ ফলত প্ৰভাৱিত হোৱা জিলাখনৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, শালপাৰা, বৰঘাট চাহবাগিছা নং-১ আদি অঞ্চলৰ ৰাইজক প্ৰশাসনৰ তৰফৰ পৰা গৰমে ৰন্ধা অহাৰ প্ৰদান কৰা হৈছে। কপিলী, কলং আৰু বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত ৰহা, কামপুৰ আৰু কলিয়াবৰ ৰাজহচক্ৰৰ অধীনস্থ সংকটজনক স্থানসমূহ জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে পৰিদৰ্শন কৰি সংশ্লিষ্ট বিভাগসমূহক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ সাজু থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে।  

জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাংচকী বৰচুং সংযোগী মথাউৰি আৰু গাৰোখুন্দা গোঁসাই গাঁও সংযোগী মথাউৰিটো পৰিদৰ্শন কৰি স্থানীয় ব্যক্তিৰ সৈতে মত বিনিময় কৰে। স্থানীয় ব্যক্তিসকলে মথাউৰিটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে চৰকাৰ আৰু জিলা প্ৰশাসনক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

একেদৰেই জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া  দেবহুতি বৰা আৰু কামপুৰ, ৰহা,চামগুৰি আৰু কলিয়াবৰৰ ৰাজহ চক্ৰ বিষয়াসকলে প্ৰতিটো মুহূৰ্তত বানাক্ৰান্তৰ মাজত থাকি তেওঁলোকৰ অসুবিধাসমূহ দূৰ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

নগাঁও আয়ুক্ত কাৰ্য্যালয়ৰ সাহাৰ্য্য আৰু দুৰ্যোগ ব্যৱস্থাপনা শাখাই বানাক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ জ্ঞাতাৰ্থে কিছু পৰামৰ্শ আগবঢ়াইছে। এই অনুসৰি বানপানীৰ সময়ত নৈ বা বোৱতী সুঁতি পাৰ হ’বলৈ আৰু বানাক্ৰান্ত এলেকাত সাঁতুৰিবলৈ চেষ্টা নকৰিবলৈ, বানপানী কৱলত থকা জলাশয়ত মাছ ধৰা, বানপানীত ডুবি থকা ট্ৰেন্সফাৰ্মাৰ, বৈদ্যুতিক খুঁটা, বৈদ্যুতিক তাৰ আদি স্পৰ্শ কৰা পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে। 

লগতে সৰু ল’ৰা, ছোৱালীক বাঢ়নী পানীত খেলা আৰু জলাশয়, নদী, পুখুৰী, বিল আদিৰ ওচৰলৈ যোৱাত বাধা প্ৰদান কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। কোনো ব্যক্তি আকস্মিকভাবে যদি পানীত পৰে তেন্তে নিৰ্দিষ্ট কৌশল আৰু এই ক্ষেত্ৰত পাকৈত ব্যক্তিৰ দ্বাৰা উদ্ধাৰ কৰা আৰু চলন্ত নাও বা অতিৰিক্ত যাত্ৰীবাহী নাৱত যাত্ৰীসকলক কঠোৰ সতৰ্কতা অৱলম্বন কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। 

যিকোনো জৰুৰীকালীন খবৰ আৰু সহায়ৰ বাবে ৰাইজে টোল ফ্রী নম্বৰ ১০৭৭ আৰু ০৩৬৭২২৩৬৮২৭/ ০৩৬৭২২৩৮০০০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি নগাঁৱৰ জনসংযোগ বিভাগে এক বাৰ্তা যোগে অৱগত কৰিছে। 

কামপুৰ বানপানী