'ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন ব্যৱসায় আছে, উজনিলৈ মাছ ৰপ্তানি নকৰোঁ'

শৃংখল চলিহাক প্ৰত্যাহ্বান নগাওঁ জিলা মীন ব্যৱসায়ী সন্থাৰ

author-image
Asomiya Pratidin
New Update
'ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন ব্যৱসায় আছে, উজনিলৈ মাছ ৰপ্তানি নকৰোঁ'

'ধৰ্মীয় সংখ্যালঘুৰ হাতত বিশাল মীন ব্যৱসায় আছে, উজনিলৈ মাছ ৰপ্তানি নকৰোঁ'

ডিজিটেল সংবাদ নগাঁও: উজনি অসমত কেতবোৰ সংগঠনে আৰম্ভ কৰা মিঞা হাটাও অভিযানে শেহতীয়াকৈ জটিল ৰূপ ধাৰণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা মীন পালক সন্থাই আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ উজনি অসমৰ জিলাসমূহলৈ নগাঁও জিলাৰ পৰা মাছৰ ৰপ্তানি বন্ধ ঘোষণা কৰিছে।

Advertisment

উজনিৰ পৰিৱৰ্তে এতিয়াৰ পৰা মাথো গুৱাহাটীলৈহে মাছ ৰপ্তানি কৰিব নগাঁও জিলা মীন পালক সন্থাই। শেহতীয়াকৈ উজনিত চলা মিঞা হাটাও অভিযানৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলাৰ মীন পালক সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি কয় যে, উজনি অসমত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোক সকলক শৃংখল চলিহাৰ নেতৃত্বত অত্যাচাৰ চলোৱা হৈছে। ইয়াৰ পৰিণাম ভূগিব লাগিব।

মীন পালক সন্থাই কয়,"আমাৰ ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ ৰাইজৰ হাতত বিশাল মীন ব্যৱসায় আছে। উজনি অসমলৈ মাছৰ ৰপ্তানি সংখ্যালঘু লোকসকলে কৰে।যাৰ ফলত উজনিৰ মানুহে কম দামত মাছ খাবলৈ পায়। আমি মীন পালক সন্থাই ঠিক কৰিলো অনাগত দিনত অনিৰ্দিষ্ট কাললৈ মাছ উজনি অসমলৈ ৰপ্তানি নকৰো। বিশেষকৈ তিনিচুকীয়া জিলা আৰু শিৱসাগৰ জিলালৈ। দৰকাৰ হ'লে আমাৰ মাছ পচাই দিম, তথাপিও উজনিলৈ মাছ ৰপ্তানি নকৰো। গুৱাহাটীলৈকে ৰপ্তানি কৰিম।শৃংখল চলিহাই তেতিয়াহে গম পাব। আমাৰ হাততো সম্পদ আছে, শক্তি আছে।"

Also Read: বৰেণ্য মহিলা, শিক্ষাবিদ দিপালী চলিহাক ৰাজহুৱা সম্বৰ্ধনা...

উজনি অসম মীন ব্যৱসায়