নগাঁৱত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী: ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ...

নগাঁৱত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী: ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ...

ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰৰ হয়বৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত ধিং ৰোডৰ টানপাৰাত মটৰ চাইকেলেৰে অহা দুজনীয়া এটা ডকাইতৰ দলে এজন যুৱকক পিষ্টলৰে গুলিয়াই আহত কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।আনহাতে নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰিছে বুলি স্থানীয়ই অভিযোগ তুলিছে ৷

স্থানীয় লোকে জনোৱা মতে, টানপাৰা অঞ্চলৰ আব্দুল জলিল নামৰ এজন পাচলি ব্যৱসায়ী তিনিচুকীয়াৰ পৰা আহি বৃহস্পতিবাৰে পুৱতি নিশা প্ৰথমে মৰিগাঁও বাছ আস্থানত উপস্থিত হয়। তেওঁ তাতে থৈ যোৱা মটৰচাইকেলখন লৈ নিজ গৃহ অভিমুখে যাত্ৰা আৰম্ভ কৰে।

সেই সময়ত ব্যৱসায়ী গৰাকীৰ পত্নীয়ে তেওঁক পথৰ পৰা আগবঢ়াই নিবলৈ আহি তিনিচুকীয়াৰ পৰা কঢ়িয়াই অনা টকা ভৰ্তি বেগটো লৈ মটৰ চাইকেলত উঠিব ধৰোতেই পূৰ্বৰে খাপ পিতি থকা দুজনীয়া অস্ত্ৰধাৰী ডকাইতৰ দলে মোনাটো কাঢ়ি নিয়াৰ চেষ্টা কৰে। চিঞৰ-বাখৰ কৰাত স্থানীয় আব্দুল কামাল নামৰ এজন যুৱকে ঘৰৰ পৰা ওলাই লুটপাত কৰা কাৰ্য প্ৰত্যক্ষ কৰি ডকাইতৰ দলটোক কৰায়ত্ত কৰাৰ চেষ্টা চলায়।

তেতিয়া ডকাইতে পিষ্টলৰে গুলি চালনা কৰে ৷ পিষ্টলৰ গুলি যুৱকজনৰ ভৰিত লাগি আঘাত প্ৰাপ্ত হয়। ঘটনাৰ খবৰ পাই স্থানীয় হয়বৰগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যে ডকাইতৰ দলটোৱে শূন্যলৈ গুলিচালনা কৰি পলাই যাবলৈ সক্ষম হয়।

ভুক্তভোগী লোকজনে সন্ধিয়া এজাহাৰ দাখিলৰ উদ্দেশ্যে হয়বৰগাঁও আৰক্ষী চকীত উপস্থিত হয় ।কিন্তু ঘটনাৰ বিষয়ে জানিব পাৰি খবৰ সংগ্ৰহৰ বাবে হয়বৰগাঁও আৰক্ষী চকীত উপস্থিত হোৱা সাংবাদিকৰ আগত আৰক্ষীয়ে কোনো তথ্য সদৰি কৰা নাই।

নগাঁৱত দুৰ্বৃত্তৰ গুলীত আহত ব্যৱসায়ী: ঘটনা গাপ দিয়াৰ চেষ্টা আৰক্ষীৰ...
IIT গুৱাহাটীৰ ছাত্ৰৰ অকাল মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in