নগাঁৱৰ চলচলিত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা: উত্তপ্ত সমগ্ৰ অঞ্চল...

নগাঁৱৰ চলচলিত দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা: উত্তপ্ত সমগ্ৰ অঞ্চল

author-image
Asomiya Pratidin
New Update
ড্রাগছ আসক্ত যুৱকে কাঢ়ি নিলে মহিলাৰ বেগ

ডিজিটেল ডেস্ক : নগাঁৱৰ চলচলিত সংঘটিত হৈছে দুৰ্বৃত্তৰ গুলীচালনাৰ ঘটনা। দুৰ্বৃত্তৰ গুলীত আহত হৈছে এজন লোক। আঘাতপ্রাপ্ত লোকজনৰ নাম হাফিজুৰ ৰহমান বুলি জানিব পৰা গৈছে।

Advertisment

হাফিজুৰ ৰহমান সোণাইঘাট প্রধানমন্ত্রী জনঔষধী কেন্দ্রৰ সমন্বয়ক। নগাঁৱৰ এখন ব্যক্তিগত হাস্পতালত ভৰ্তি কৰোৱা হৈছে আহত ৰহমানক। ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত।

উল্লেখ্য ঘটনাস্থলীত ইতিমধ্যেই উপস্থিত হৈছে আৰক্ষী। কি কাৰণত দুৰ্বৃত্তই হাফিজুৰ ৰহমানক আক্ৰমণ কৰিল সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

Also Read: ৰণোজ পেগু, প্ৰমোদ বড়োৰ টুইটক লৈ বিভ্ৰান্তিঃ ভাৰতীয় মহিলা ফুটবল দলৰ অধিনায়ক কোন ?

Assam police