ইটাচালিৰ এফ চি আইৰ ভঁড়ালত ট্ৰাক মালিক আৰু ঠিকাদাৰী পক্ষৰ সংঘাত...

ইটাচালিৰ এফ চি আইৰ ভঁড়ালত ট্ৰাক মালিক আৰু ঠিকাদাৰী পক্ষৰ সংঘাত...

ডিজিটেল সংবাদ, নগাঁও : এক হতাহতিৰ ঘটনাক কেন্দ্ৰ কৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ভাৰতীয় খাদ্য নিগমৰ নগাঁৱৰ ইটাচালিস্থিত খাদ্য সংৰক্ষণ ভঁড়াল । ট্ৰাকৰ মালিক আৰু ঠিকাদাৰী প্ৰতিষ্ঠান পক্ষৰ এই হতাহতি আৰু সংঘাতক মষিমূৰ কৰিবলৈ তৎপৰ হৈ পৰিছে আৰক্ষী ।

লিখিত অভিযোগ লাভ কৰাৰ পিছত আৰক্ষীয়ে নিজাববীয়াকৈ আগবঢ়াই নিছে তদন্ত । উত্থাপিত অভিযোগ অনুসৰি, ট্ৰাক মালিক সন্থাৰ দুই-তিনিজন সদস্যই ঠিকাদাৰী পক্ষৰ সৈতে মঙলবাৰে বিয়লি লিপ্ত হৈছিল হতাহতিত । ঠিকাদাৰী প্ৰতিষ্ঠানে ট্ৰাক মালিক সন্থাৰ বাহন নোলোৱাৰ অভিযোগ তুলি একাংশই সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতিৰ ।

যাৰবাবে অভিযোগ লাভ কৰি বুধবাৰে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ইটাচালি আৰক্ষীয়ে । কিন্তু ইয়াৰ বিপৰীতে ট্ৰাক মালিক সন্থাই তেওঁলোকৰ গাড়ী নোলোৱাকৈয়ে ঠিকাদাৰী পক্ষই নিজৰ গাড়ীৰে সামগ্ৰী সৰবৰাহ কৰি থকাৰ অভিযোগ উত্থাপন কৰাৰ লগতে অভাৰলোডৰ প্ৰসংগও উত্থাপন কৰি সঠিক তদন্তৰ দাবী জনাইছে ।

ইটাচালিৰ এফ চি আইৰ ভঁড়ালত ট্ৰাক মালিক আৰু ঠিকাদাৰী পক্ষৰ সংঘাত...
ৰাইজে কি কয়? অভিলেখতেই বিহু শেষ নহয়...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in