/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/0b24664b-9be6-4c0a-98a6-ce2824946078/1.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা পুথিভঁৰালত দেওবাৰে সন্ধিয়া এক বিশেষ সাংস্কৃতিক অনুষ্ঠান ৰূপায়িত হয়। নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ চতুৰ্দশ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে অনুষ্ঠিত হয় দুঘণ্টাজোৰা এই অনুষ্ঠানটি । অনুষ্ঠানটিৰ আৰম্ভণিতেই বৰগীত পৰিবেশন কৰে শিক্ষয়িত্ৰী নিৰ্মালি বৰা মালাকাৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e7237feb-fadf-4497-81d5-77f744408f1d/110d92d1-4d51-4b84-95ae-32ce20a2b55f.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/80ea0369-cf80-4837-b692-244859d983cf/a37a3efb-3c0e-4d47-b68d-3e9caa7b4b87.jpg)
ইয়াৰ পাছতেই বন্তি প্ৰজ্বলন কৰে জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা, অধ্যক্ষ ড. কুলেন দাস, অভিনেতা সপোনটি বৰদলৈ, অমৰজিৎ গোস্বামী, জয়ন্ত কুমাৰ বৰাই। বন্তি প্ৰজ্বলনৰ পাছতেই কবিতা আবৃত্তি কৰে দশম শ্ৰেণীৰ ছাত্ৰী কৃষ্টিকানন কলিতাই । নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে উদ্বোধন কৰা অনুষ্ঠানটিত গীত পৰিৱেশন কৰে ক্ৰমে ত্ৰিদিপ বৰা আৰু শিক্ষয়িত্ৰী সংগীতা বৰুৱা বৰাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/760d6f16-6989-4179-8755-ccfb3ce26ebc/099ae846-3375-474c-8bc7-59586b76f334.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/3ddb3f91-d182-476f-8af6-285b6cd9a2a0/10db8b39-a216-4045-b201-916e70a3393b.jpg)
ইয়াৰ পিছতে গুৱেৰ্ণিকাৰ কলা-কুশলীসকলে নিবেদন কৰে জনপ্ৰিয় নাট্যকাৰ, কবি, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক হিমাংশু প্ৰসাদ দাসৰ 'নিৰ্বাচন' নামৰ নাটখন। কথাশিল্পী আশিক উজ্ জামানৰ গল্পৰ আধাৰত প্ৰস্তুত কৰা এই নাটখন উপভোগ কৰে ত্ৰিশতাধিক লোকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/64b54044-67c0-4f5d-b2f1-4fa9632c9afb/14b02a15-225b-4dbf-8bd1-77563ec5f80c.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/6257259f-1e8d-4059-891e-277d2f668982/cf4b8b7d-eda5-44ae-a3ce-48d9ff71758d.jpg)
এই বিশেষ সাংস্কৃতিক সন্ধিয়াটিতে হোজাই জিলাৰ জ্যেষ্ঠ সাংবাদিক মুকুল গোস্বামীক সম্বৰ্ধনা জনোৱাৰ লগতে নগাঁৱৰ ফটো সাংবাদিক মুকুল খান, গুনীন দাস, সোণমনি দাস আৰু হিমাংশু কাকতিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উল্লেখ্য যে, ২০১১ বৰ্ষতে প্ৰতিষ্ঠা লাভ কৰা নগাঁও ইলেক্ট্ৰ'নিক মিডিয়া এচ'ছিয়েশ্বনৰ সদস্যসকলে সংবাদসেৱাৰ উপৰিও সময়ে সময়ে বিভিন্ন সামাজিক কৰ্মৰাজিৰে সামাজিক দায়বদ্ধতাৰো পৰিচয় দি আহিছে।