
ডিজিটেল সংবাদ নগাঁও: নগাঁও ক্ৰীড়া সংস্হাৰ স্প’ৰ্টছ ক্লাব পেভিলিয়নত দেওঁবাৰে নগাঁও জিলা ভাৰোত্তোলন সন্হাৰ সাধাৰণ সভাখনি সুচাৰুৰূপে অনুষ্ঠিত হৈ যায়৷ সভাপতি অসীম ভাৱালৰ সভাপতিত্বত হোৱা সভাখনত পৰ্যবেক্ষকৰূপে উপস্থিত থাকে অসম ভাৰোত্তোলন সন্হাৰ সম্পাদক ভৱজ্যোতি গোস্বামী৷
সভাখনত সম্পাদক অৰূপ বৰাই বিগত বছৰৰ প্ৰতিবেদন আৰু আয়-ব্যয়ৰ হিচাব দাখিল কৰে আৰু সৰ্বসন্মতভাৱে গৃহীত হয়৷ এই সভাতেই আগন্তুক চাৰি বছৰ কাৰ্যকালৰ বাবে সন্হাটোৰ নতুন সমিতি গঠন কৰা হয়৷
নতুন সমিতিখনৰ সভাপতি -মৃদুল কুমাৰ ৰয়,কাৰ্যকৰী সভাপতি- নানু দাস, উপসভাপতি- ঋষিকেশ শৰ্ম্মা, সুব্ৰত পাল, কিশোৰ দাস, ৰ’জি দেৱী ফুকন আৰু জয়ন্ত কুমাৰ বৰদলৈ, যুটীয়া সম্পাদক- অনুপম দে আৰু বিশ্বজিত বনিক, সহকাৰী সম্পাদক- বিদ্যুত বৰা আৰু বিন্টি বৰা, কোষাধ্যক্ষ- বৰ্ণালী বৰা, কাৰ্যকৰী সদস্য- নমিতা ভূঞা, কৃষ্ণ বৰা, ৰাজকেশ ভূঞা, হংসৰাজ শইকীয়া, তৃপুল বৰা, ভাস্কৰ বৰা, মাজিদুৰ ৰহমান আৰু শ্যামল দাস৷
তাৰোপৰি, সমিতিখনত বিধায়ক ৰূপক শৰ্মাক মুখ্য পৃষ্ঠপোষক ৰূপে আৰু মুখ্য উপদেষ্টা ৰূপে তপন কুমাৰ দাসক মনোনীত কৰা হয়৷ লগতে উপদেষ্টা হিচাপে অসীম ভাৱাল, ড° কুলেন দাস, উজ্জল বৰুৱা,অনিল শৰ্ম্মা আদিক ৰখা হৈছে৷