নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত "গল্প লিখাৰ কৌশল" শীৰ্ষক আলোচনা চক্ৰ...

নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত "গল্প লিখাৰ কৌশল" শীৰ্ষক আলোচনা চক্ৰ...

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত "গল্প লিখাৰ কৌশল" শীৰ্ষক আলোচনা চক্ৰ...

ডিজিটেল সংবাদ,নগাঁও: "অসমীয়া ভাষা আৰু সাহিত্য বৰ্তমান সংকটৰ সন্মুখত আছে। ৪৭ শতাংশ মানুহেহে অসমীয়া ভাষা কয়। যদি এই অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা ২০ শতাংশ হয় তেতিয়া আৰু অসমীয়া কিতাপ-পত্ৰৰ প্ৰয়োজন নহ'ব। তেতিয়া অকল অসমীয়া ভাষাটো মানুহৰ মুখে মুখে চলি থাকিব কম বেছি পৰিমাণে।" এই মন্তব্য সাহিত্য অকাডেমী বঁ‌টা প্ৰাপক জয়ন্ত মাধৱ বৰুৱাৰ।

Advertisment

নগাঁও জিলা সাহিত্য সভাই ৰাজ্যভাষা আৰু মাতৃভাষা প্রয়োগ উপ-সমিতিৰ উদ্যোগত ১৩ জুলাইত জিলাৰ কমলা দেৱী তোদী স্মৃতি ভৱনত "গল্প লিখাৰ কৌশল" শীর্ষক এখনি আলোচনা চক্ৰত আলোচক হিচাপে উপস্থিত থাকি এইদৰে উল্লেখ কৰি কয় যে-প্ৰচলিত কথা বতৰাৰ উপৰি মাত্ৰ ৩৩% লোকেহে অসমীয়া ভাষা ব্যৱহাৰ কৰে। যদি আমি এতিয়াই এই বিষয় সন্দৰ্ভত সচেতন নহঁও তেতিয়াহ'লে ১০-২০ বছৰৰ পাছত নৱপ্ৰজন্মই ক'ব আমি এটা পৰিচয়হীন জাতি। কিন্তু ইয়াক মষিমূৰ কৰিবলৈ তথা প্ৰত্যাহ্বান জনাবলৈ আছে কেৱল অসম সাহিত্য সভা। অসম সাহিত্য সভাই এনেকুৱা প্ৰতিকুলতাক সমূলি নস্যাৎ কৰি অসমীয়া ভাষাক গজগজীয়া কৰিছে। কিন্তু শেহতীয়াকৈ সাহিত্য সভাৰ প্ৰতি অসমীয়াৰ বিৰাগ জন্মিছে বুলি উল্লেখ কৰি তেখেতে বাৰপূজীয়া অধিৱেশনৰ কথা উনুকিয়াই।

সাহিত্য অকাডেমী প্ৰাপক সাহিত্যিকগৰাকীয়ে প্ৰায় দুঘণ্টা সময়ধৰি গল্প সম্পৰ্কত বিভিন্ন কৌশলৰ কথা উল্লেখ কৰি কয় যে- আপেক্ষিকতা য'ত থাকে সেয়াই গল্প। বৰ্তমান লেখকে গল্প-কবিতাক নিৰ্মাণ কৰে। গল্প লিখিবলৈ ভাষাৰ ওপৰত অপৰ্যাপ্ত দখল থকাৰ লগতে অনুশীলন, মনৰ দুৰন্ত তাড়না আৰু সাধনা প্ৰয়োজন বুলি উল্লেখ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে কয়- কাহিনীটো এডাল শিকলিৰ দৰে গতি কৰিব লাগিব, তাত চিত্ৰকল্প থকাৰ উপৰি এককমুখী চৰিত্ৰ আৰু নাটকীয় দৃষ্টিভংগী থাকিব লাগিব।

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্রখনি উদ্বোধন কৰি ৰহা বুনিয়াদী প্রশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা নগাঁও জিলা সাহিত্য সভাৰ ৰাজ্যভাষা আৰু মাতৃভাষা প্রয়োগ উপ-সমিতিৰ কাৰ্যকৰী সভাপতি ড° নিৰলা দেৱীয়ে কয় যে- প্ৰতিটো লেখাত প্ৰণালীবদ্ধ কৌশল আৰু চিন্তন থকাটো অতি জৰুৰী। আনহাতে তেখেতে আড্ডাও সাহিত্য সৃষ্টিৰ এক উল্লেখযোগ্য স্থান বুলি উল্লেখ কৰি বিভিন্ন প্ৰসংগ টানি আনে।

জিলা সাহিত্য সভাৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই আঁ‌ত ধৰা অনুষ্ঠানটোত জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় পৰাণ কুমাৰ বৰুৱা, নিত্যানন্দ বৰা, গল্পকাৰ শিৱানন্দ কাকতি, মাহেকীয়া বাৰ্তালোচনী 'ৰণাংগন'ৰ সম্পাদক মিণ্টু দাস, অসম সাহিত্য সভাৰ নগাঁও আঞ্চলিকৰ প্ৰাক্তন সম্পাদক মৃণাল কুমাৰ হাজৰিকা, জিলাৰ প্ৰাক্তন উপ সভাপতি ভৱেশ মেধী, জিলা কাৰ্যনিৰ্বাহক ৰাজীৱ কুমাৰ হাজৰিকা, দীপিকা নাথ, কুমুদ বৰা, ড° প্ৰাঞ্জলী মহন্ত, জ্যোতিকামণি দাস, কাবেৰী মহন্ত, ৰিণি নেওগ বৰা, আৰতি মজুমদাৰকে প্ৰমুখ্য কৰি জিলাখনৰ ন-পুৰণি গল্পকাৰ আৰু সাহিত্যনুৰাগী উপস্থিত থাকে।

Also Read: নিম্ন ৰক্তচাপ নিয়ন্ত্ৰণৰ উপায়...

nagaon news