বটদ্ৰৱাত নগাঁও জিলা মাৱাটেকা চিতৰিয় আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপ

বটদ্ৰৱাত নগাঁও জিলা মাৱাটেকা চিতৰিয় প্ৰথম আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপ(Invitational Nagaon District Mawateka Shitoryu karate Championship)ৰ শনিবাৰে নিশা সফল সামৰণি পৰে।
বটদ্ৰৱাত নগাঁও জিলা মাৱাটেকা চিতৰিয় আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপ

ডিজিটেল সংবাদ, বটদ্ৰৱা: বটদ্ৰৱাত নগাঁও জিলা মাৱাটেকা চিতৰিয় প্ৰথম আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপ(Invitational Nagaon District Mawateka Shitoryu karate Championship)ৰ শনিবাৰে নিশা সফল সামৰণি পৰে। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত এই কাৰাটে চেম্পিয়নশ্বিপৰ আৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতি সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই।

নগাঁও জিলাৰ বটদ্ৰৱা, ৰাইডঙীয়া, হাতীচোং, কঠিয়াতলী, খুটিকটীয়া, পুৰনিগুডাম, চামগুৰি, কামপুৰ, ধিং আদি অঞ্চলৰ লগতে হোজাই, শিৱসাগৰ, মৰিগাঁও, কামৰূপ জিলাৰ চাব জুনিয়ৰ শাখাৰ ২০০, কেডেট শাখাৰ ১০০, জুনিয়ৰ আৰু চিনিয়ৰ শাখাৰ ১০০ মুঠ ৪০০ শ প্ৰতিযোগীয় অংশ গ্ৰহণ কৰে। আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপৰ সমগ্ৰ অনুষ্ঠানটিত মাৱাটেকা চিতৰিয় মুখ্য প্ৰশিক্ষকদ্বয় চম্পক ডেকা(ৰাজ্যিক কাৰাটে এছচিয়েছনৰ উপসভাপতি), জীতেন চৌধুৰী, নগাঁও জিলা কাৰাটে সন্থাৰ সহ সম্পাদক তথা মাৱাটেকা চিতৰিয় নগাঁও জিলাৰ মূখ্য প্ৰশিক্ষক ৰিকু কটকী, আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপ উদযাপন সমিতিৰ সভাপতি ভাস্কৰজ্যোতি বৰা, মূখ্য উপদেষ্টা গুনমানি কলিতা, কোষাধ্যক্ষ পাপু বৰুৱা, উৎপল কলিতা, বিপুল কৰকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে।

আৰু পঢ়ক: উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰীক নিচেই কাষৰ পৰা গুলীয়ালে আৰক্ষীৰ উপ-পৰিদৰ্শকে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in