/asomiyapratidin/media/media_files/2025/05/10/VPS3daA4YIxvnbhWdeTP.jpg)
ডিজিটেল সংবাদ, নগাঁও: পঞ্চায়ত নিৰ্বাচন ২০২৫ ৰ ১১ মে'ত হ'বলগীয়া ভোট গণনা সুচাৰুৰূপে সম্পাদনা কৰিবলৈ নগাঁও জিলা প্ৰশাসনৰ তৰফৰ পৰা প্ৰয়োজনীয় সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে। উল্লেখযোগ্য যে, নগাঁও জিলাখনৰ ধিং, ৰূপহী আৰু চামগুৰি বিধানসভা সমষ্টিৰ ভোট গণনা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত আৰু বঢ়মপুৰ আৰু নগাঁও বটদ্ৰবা বিধানসভা সমষ্টিৰ ভোট গণনা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব।
একেদৰে ৰহা বিধানসভা সমষ্টিৰ বাবে ৰহা মহাবিদ্যালয়ত আৰু কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে কলিয়াবৰ সম-জিলা আয়ুক্ত কাৰ্য্যলয়ত ভোট গণনা অনুষ্ঠিত কৰা হ'ব। ধিং, ৰূপহী আৰু চামগুৰি বিধানসভা সমষ্টিৰ বাবে ১২টা ভোট গণনা কক্ষ আৰু বঢ়মপুৰ আৰু নগাঁও-বটদ্ৰবা বিধানসভা সমষ্টিৰ বাবে ৭ টা ভোট গণনা কক্ষ প্ৰস্তুত কৰা হৈছে।
আনহাতে, ৰহা বিধানসভা সমষ্টিৰ বাবে ৰহা মহাবিদ্যালয়ত ৪ টা ভোট গণনা কক্ষ আৰু কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে কলিয়াবৰ সম-জিলাৰ আয়ুক্ত কাৰ্যালয়ত ৪ টা ভোট গণনা কক্ষ প্ৰস্তুত কৰা হৈছে। উল্লেখযোগ্য যে, ভোটগণনা কাৰ্য্য সুচাৰুৰূপে সম্পন্ন কৰিবলৈ প্ৰাধিকৃত বিষয়া, মাইক্ৰ অবজাৰভাৰ, কাউন্টিং চুপাৰভাইজাৰ, কাউন্টিং এছিচটেন্টসকলৰ ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ বাবে নগাঁও জিলাত মুঠ ৫৪ গৰাকী প্ৰাধিকৃত বিষয়াক ভোট গণনা কক্ষৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে নিয়োগ কৰাৰ লগতে ৬১০ গৰাকী মাইক্ৰ অবজাৰভাৰ আৰু পোষ্টেল বেলটৰ কাউন্টিং চুপাৰভাইজাৰ, কাউন্টিং এছিচটেন্ট আৰু মাইক্ৰ অবজাৰভাৰ সৰ্বমুঠ-৯৯ গৰাকীক নিয়োগ কৰা হৈছে। ১১ মে'ত পুৱা ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ কৰা হ'ব ।