বৰ্ণিল কাৰ্যসূচীৰে নগাঁও জিলা দিবস উদযাপন...

ইতিহাসৰ সোণালী অধ্যায়ৰে ঐতিহ্যবহন কৰা নগাঁও জিলাখন ১৮৩৩ চনৰ ২৭ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল। আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱসটি এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
বৰ্ণিল কাৰ্যসূচীৰে নগাঁও জিলা দিবস উদযাপন...

ডিজিটেল সংবাদ, নগাঁও: ইতিহাসৰ সোণালী অধ্যায়ৰে ঐতিহ্যবহন কৰা নগাঁও জিলাখন ১৮৩৩ চনৰ ২৭ মাৰ্চ তাৰিখে প্ৰতিষ্ঠা লাভ কৰিছিল। আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱসটি এদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে উদযাপিত কৰা হয়।

Advertisment

পুৱাবেলা জিলা দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ সকলো চৰকাৰী কাৰ্য্যালয়ত চাফাই অভিযানৰ লগতে বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পূৰ্ণ কৰা হয় । এই উপলক্ষে পুৱা জিলা আয়ুক্ত কাৰ্য্যালয়ৰ চৌহদত এক স্বচ্ছতা অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচী সমাপন কৰা হয় ।

উক্ত কাৰ্যসূচীৰ জৰিয়তে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ,অতিৰিক্ত জিলা আয়ুক্ত দেবাহুতি বৰা প্ৰমুখ্যে সহকাৰী আয়ুক্ত আৰু জিলা প্ৰশাসনৰ অন্যান্য কৰ্মচাৰী সকলে কাৰ্যালয়ত কৰ্মৰত চাফাই কৰ্মচাৰী সকলৰ সৈতে চৌহদটিত বৃক্ষ ৰোপণ কৰাৰ লগতে পৰিষ্কাৰ পৰিচন্নতা কৰে । 

জিলা দিৱসৰ লগত সংগতি ৰাখি জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সদৌ অসম ভিত্তিত "আমাৰ নগাঁও" শীৰ্ষক এখনি প্ৰাইজমানী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুঠ ৪৮ টা দলে যোগদান কৰা প্ৰতিযোগিতাখনিত চূড়ান্ত প্ৰতিযোগিতাৰ বাবে ৬ টা দলক বাচনি কৰা হয়। 

নগাঁও কুইজ ফৰামৰ  চন্দ্ৰজিৎ দাসে পৰিচালনা কৰা এই চূড়ান্ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে দিলীপ কুমাৰ শৰ্মা আৰু অলক জ্যোতি বৰাই। দ্বিতীয় পুৰস্কাৰ লাভ কৰে অনুজ শংকৰ দেৱনাথ আৰু নয়নমণি হিৰায়ে। তৃতীয় পুৰস্কাৰ লাভ কৰে বিশ্বজ্যোতি বৰা আৰু অমিয় কুমাৰ বৰায়ে।

জিলা দিৱস উপলক্ষে এখনি আলোকচিত্ৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। এই আলোকচিত্ৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে ধিং নগাঁওৰ  মহানন্দ বৰগোহাঁয়ে আৰু দ্বিতীয় স্থান লাভ কৰে নগাঁওৰ নিপজ্যোতি বৰায়ে। 

ইয়াৰোপৰি সমাজ কল্যান বিভাগৰ জৰিয়তে বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ দ্বাৰা জিলা নাৰী গৃহত ফলমূল বিতৰণ কৰা হয় লগতে জিলাখনৰ বিভিন্ন চৰকাৰী বিদ্যালয়সমূহত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। সন্ধিয়া বেলাত জিলাখনৰ সকলো চৰকাৰী, বেচৰকাৰী কাৰ্য্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বাসস্থানত বন্তি প্ৰজ্বলন আৰু আলোকসজ্জাৰে সজ্জিত কৰা হয় ।

সন্ধিয়া ৬ বজাৰ পৰা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা দিৱস উপলক্ষে এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত নৃত্য গীতৰ লগতে পথ সুৰক্ষা আৰু নিচা মুক্তিৰ সন্দৰ্ভত দুখন চুটি নাট প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানতেই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত বিভিন্ন ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শনেৰে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ব্যক্তি-সংগঠনলৈ সম্বৰ্ধনা জনোৱাৰ লগতে জিলা দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতা সমূহৰ বিজয়ীসকলক বঁটা প্ৰদান কৰা হয় ।

এই সাংস্কৃতিক অনুষ্ঠানত, সাংস্কৃতিক অনুষ্ঠানৰ সন্মানীয় উদ্বোধক জনপ্ৰিয় শিল্পী কৃষ্ণমণি নাথ, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা উন্নয়ন আয়ুক্ত  দেবযানী চৌধুৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়া, অতিৰিক্ত আয়ুক্ত সকল, সহকাৰী আয়ুক্ত সকল, জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলৰ লগতে জিলাখনৰ বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

নগাওঁ