/asomiyapratidin/media/media_files/2025/01/10/YbhgCmmetoxupQDPdBmB.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ নগাঁও জিলা কংগ্ৰেছ ভৱনত আজি জিলা কংগ্ৰেছৰ উদ্যোগত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী সম্পন্ন হয় ৷ নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্ৰশান্ত শইকীয়াৰ নেতৃত্বত আয়োজিত হোবা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
অনুষ্ঠিত উপস্থিত হৈ বৰ্তমান বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ বিৰুদ্ধে তীব্ৰতৰ হৈ পৰা পৰিলক্ষিত হয় ৷ উল্লেখ যে উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশৰ পাছতো উত্তৰ কাছাৰ পাৰ্বত্য জিলাত দীৰ্ঘদিন ধৰি চলি থকা অবৈধভাবে চলি থকা কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে, কয়লা খনিত মৃত্যু হোৱা শ্ৰমিকসকলৰ পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আদায়ৰ দাবীত সৰৱ হৈ পৰে কংগ্ৰেছ কৰ্মী সকল ৷
আজিৰ এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, বটদ্ৰৱা সমষ্টিৰ বিধায়ক শিবামনি বৰা, অসম ৰাজ্যিক কংগ্ৰেছ কমিটিৰ সম্পাদক মৃনাল কুমাৰ হাজৰিকা, সৰ্বভাৰতীয় এন এছ ইউ আইৰ কোষাধ্যক্ষ তানজিল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক তথা হোজাই জিলাৰ তত্বাবধায়ক মুস্তান কিডুৱাই, জিলা উপ-সভাপতি সুন্দৰ নেওঁগ,নগাঁও জিলা সাধাৰণ সম্পাদক সুৰেন শইকীয়া, ইলিয়াছ খান,চুমি শইকীয়া,হবিব ইদ্দছ চৌধুৰী,এই এছ ইউ আই,যুৱ কংগ্ৰেছকে আদি কৰি শতাধিক কংগ্ৰেছ কৰ্মী।