নগাঁও জিলা কংগ্ৰেছত খহনীয়া অব্যাহত : সাধাৰণ সম্পাদক আবুবক্কৰ চিদ্দিকৰ দল ত্যাগ

নগাঁও জিলা কংগ্ৰেছত খহনীয়া অব্যাহত : সাধাৰণ সম্পাদক আবুবক্কৰ চিদ্দিকৰ দল ত্যাগ

author-image
Asomiya Pratidin
New Update
নগাঁও জিলা কংগ্ৰেছত খহনীয়া অব্যাহত : সাধাৰণ সম্পাদক আবুবক্কৰ চিদ্দিকৰ দল ত্যাগ

ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা কংগ্ৰেছৰ বাবে পুনৰ আন এক আঘাত। কিছুদিন পূৰ্বে নগাঁও জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰাৰ পাছত এইবাৰ সাংসদ গৌৰৱ গগৈ আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ অতি ঘণিষ্ঠৰূপে পৰিচিত নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আবুবক্কৰ চিদ্দিক(ছেলিম)য়ে ত্যাগ কৰে কংগ্ৰেছ দল।

Advertisment

জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক চিদ্দিকে বৃহস্পতিবাৰে সকলোকে আচৰিত কৰি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ লগতে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে। তেওঁ আজি নিজৰ পদত্যাগ পত্ৰ সভাপতি প্ৰশান্ত কুমাৰ শইকীয়াৰ হাতত অৰ্পণ কৰে।

লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জনৰ এই পদত্যাগ দলটোৰ বাবে আন এক ক্ষতি বুলি দলটোৰ কৰ্মীসকলে মন্তব্য কৰিছে। ইপিনে, তেওঁ সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে নগাঁৱৰ একাংশ কংগ্ৰেছ নেতাই দলটোক পৈতৃক সম্পত্তিৰ দৰে ভাবে।

বিশেষকৈ তেওঁ সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰি কয় যে, নেতাদ্বয়ৰ বিৰুদ্ধে অচিৰেই মহাবিস্ফোৰণ ঘটাব বুলি মন্তব্য কৰে।

Also Read: নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদকৰ দ্বাৰা আহূত সভাক অবৈধ ঘোষণা

congress