চাকৰিৰ নামত ধন সংগ্ৰহঃ নগাওঁ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ...

এতিয়াও পলাতক আন এগৰাকী মহিলা কৰ্মচাৰী
চাকৰিৰ নামত ধন সংগ্ৰহঃ নগাওঁ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ...
চাকৰিৰ নামত ধন সংগ্ৰহঃ নগাওঁ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ...
Published on
Updated on

ডিজিটেল সংবাদ নগাওঁঃ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ হাতত আজি গ্ৰেপ্তাৰ হ'ল নগাওঁ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ এগৰাকী মহিলা কৰ্মচাৰী। তাৰোপৰি আন এগৰাকী মহিলা কৰ্মচাৰী এতিয়াও পলাতক অৱস্থাত আছে।

জানিব পৰা মতে চাকৰিৰ নামত এই দুই মহিলা কৰ্মচাৰীয়ে ধন সংগ্ৰহ কৰিছিল। নগাওঁ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদলতত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা এই মহিলা কৰ্মচাৰাকী দুগৰাকী ৰাজশ্ৰী দেৱী আৰু ৰীমি কলিতা কাকতি।

এই দুই কৰ্মচাৰীয়ে জিলাখনৰ চামগুৰিৰ এগৰাকী মহিলাক চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল। ইয়াৰ পিছতে আজি ৰাজশ্ৰী দেৱীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছতে তেওঁক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তদন্তৰ বাবে দুদিনলৈ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে।

ইফালে চাকৰিৰ নামত ধন সংগ্ৰহ কৰা আন এগৰাকী মহিলা কৰ্মাচাৰী ৰীমি কলিতা কাকতি বৰ্তমানেও পলাতক হৈ আছে। তেওঁৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

চাকৰিৰ নামত ধন সংগ্ৰহঃ নগাওঁ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ আদালতৰ মহিলা কৰ্মচাৰীক গ্ৰেপ্তাৰ...
নিতৌ শ্বিলঙৰ পৰা অসমলৈ আহিছে নহৰু ভৰ্তি শ-শ ট্ৰাক..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in