সেউজ ধৰণীৰ স্বপ্ন নগাঁৱৰ ধন্টী শ‌ইকীয়াৰঃ এহাজাৰৰো অধিক গছপুলি ৰোপন...

সেউজ ধৰণীৰ স্বপ্ন নগাঁৱৰ ধন্টী শ‌ইকীয়াৰঃ এহাজাৰৰো অধিক গছপুলি ৰোপন...

author-image
Asomiya Pratidin
New Update
সেউজ ধৰণীৰ স্বপ্ন নগাঁৱৰ ধন্টী শ‌ইকীয়াৰঃ এহাজাৰৰো অধিক গছপুলি ৰোপন...

ডিজিটেল সংবাদ,বঢ়মপুৰঃ 'গছ থাকিলেহে মানুহ থাকিব' এই আপ্তবাক্যৰ প্ৰকৃত সত্যতা প্ৰতিপন্ন কৰাৰ উদ্দেশ্য আগত ৰাখি এজন যুৱকে অকলেই চলাই গৈছে সংগ্ৰাম।

Advertisment

যি সময়ত ৰাজ্য চৰকাৰে ৰাজকোষৰ ধন শৰাধ কৰি ২০২৩ বৰ্ষত ৰোপণ কৰা এক কোটি গছপুলি এতিয়া বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে, সেই সময়তে নগাঁৱৰ চলচলি জলাহ গাঁৱৰ এজন যুৱকে দেখুৱাইছে অগতানুগতিক আদৰ্শ।

চৰকাৰৰ পৃষ্ঠপোষকতাত ৰোৱা গছপুলি বিচাৰি সম্প্ৰতি হায়ৰাণ হ'বলগীয়া হোৱাৰ সময়তে ধন্টী শ‌ইকীয়াই নিজ প্ৰচেষ্টাৰে এই বৰ্ষত ৩৫০টাৰো অধিক গছপুলি ৰোপণ কৰে।

প্ৰখৰ ৰ'দতো প্ৰতিপালনত লাগি আছে ধন্টী শ‌ইকীয়া নামৰ যুৱকজন। উল্লেখ্য যে, ধন্টী শ‌ইকীয়াই ১৯৯৯ চনৰ পৰা গছপুলি ৰোপণ কৰি আহিছে । বৰ্তমানলৈকে ধন্টী শ‌ইকীয়াই ৰোপন কৰিছে এহাজাৰৰো অধিক গছপুলি।

Also Read: পশ্চিম কাৰ্বি আংলঙত সৎ সংগ শাখাৰ উদ্যোগত স্বাস্থ্য শিবিৰ আয়োজন

Nagaon Dhanti saikia Dhanti saikia plantation