নগাঁৱত গ্ৰেপ্তাৰ ছাইবাৰ অপাৰাধী...

ব্যৱসায়ীৰ পৰা অনলাইন প্ৰক্ৰিয়াৰে সৰকাইছিল ৪১ লাখ টকা...

author-image
Asomiya Pratidin
New Update
নগাঁৱত গ্ৰেপ্তাৰ ছাইবাৰ অপাৰাধী...

ডিজিটেল সংবাদ, নগাঁও : ৰাজ্যত ক্ৰমান্বয়ে সক্ৰিয় হৈ উঠিছে চাইবাৰ অপৰাধী । অন্য ৰাজ্যৰ দৰে এক দুষ্ট চক্ৰই অসমতো গঢ়ি তুলিছে শক্তিশালী নেটৱৰ্ক । এক অভিযানত শেহতীয়াকৈ নগাঁও আৰু উত্তৰপ্ৰদেশৰ আৰক্ষীৰ জালত পৰিছে তেনে এক চক্ৰৰ এজন সদস্য ।

Advertisment

ধৃত চাইবাৰ অপৰাধীটো হৈছে ৰিজাবুল হক । উত্তৰপ্ৰদেশ আৰক্ষীয়ে নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাই মৈৰাবাৰীৰ পৰা গ্ৰেপ্তাৰ কৰে ৰিজাবুল হকক । এই ৰিজাবুল হকে এক চাইবাৰ অপৰাধী চক্ৰৰ সৈতে লগ লাগি অনলাইন প্ৰক্ৰিয়াৰে উত্তৰপ্ৰদেশৰ এজন ষ্টীলৰ ব্যৱসায়ীৰ পৰা সৰকাইছিল ৪১ লাখ টকা ।

উল্লেখ্য যে, ইতিমধ্যে চক্ৰটোৰ বাকী কেইজন সদস্যৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

Also Read: বাংগালুৰুত আজি জিৰ' শ্বেড' ডে : কি এই বিশেষ দিন...

Assam police