/asomiyapratidin/media/media_files/2024/12/02/nT4d60uwYbLb0dPjdnGm.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী "কল্লোল" ৰ নৱনিৰ্মিত ভৱন আজি সন্ধিয়া নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। এই ভৱন উন্মোচনৰ লগত সংগতি ৰাখি "কল্লোল"ৰ সভাপতি লোহিত কলিতাৰ পৌৰাহিত্যত আয়োজন কৰা হয় এক গাম্ভীৰ্যপূৰ্ণ সভা।
মামনি ভট্টাচাৰ্যৰ মঙ্গলাচৰণেৰে শুভাৰম্ভ হোৱা সভাত নিজৰ ভাষণ প্ৰদান কৰি বিধায়ক ৰূপক শৰ্মাই কয়- নগাঁও বিধানসভাৰ সমষ্টিৰ বিধায়ক এলেকা উন্নয়ণ পুঁজিৰে নিৰ্মাণ কৰা হৈছে। ৰাইজৰ পুঁজি ৰাইজৰ বাবে সঠিক ৰূপত ব্যৱহাৰ কৰা হৈছে।
গত ৫০ বছৰ ধৰি কল্লোলে সাংস্কৃতিক যাত্ৰা তথা গৌৰৱ উজ্জ্বল ইতিহাস গঢ়ি তুলিছে। অসমৰ প্ৰথিতযশা বিশিষ্ট চিত্ৰশিল্পী প্ৰয়াত প্ৰনৱ বৰুৱাই কল্লোলৰ পৰাই আৰম্ভ কৰিছিল নৱপ্ৰজন্মৰ মাজত ছবি অংকনৰ প্ৰশিক্ষণ প্ৰদান। সমগ্ৰ অসমৰ ৰাইজক তেওঁ নতুন বাৰ্তা দিবলৈ সক্ষম হৈছিল।
বিধায়ক ৰূপক শৰ্মাই ভাষণ প্ৰসঙ্গতে নগাঁও চহৰৰ পানীগাঁও ছয়আলিত আটকধুনীয়াকৈ নিৰ্মাণ কৰা সু-দৃশ্য সুধাকণ্ঠ ভূপেন হাজৰিকা কলা তীৰ্থ, নেহৰুবালিত সৰ্বসাধাৰণ ৰাইজৰ বাবে খোজকঢ়াৰ বাবে সুন্দৰকৈ নিৰ্মাণ কৰা,পানীগাঁও চাৰিআলিৰ ডচন স্কুল খেলপথাৰত ষ্টেডিয়াম নিৰ্মাণ কৰা,কাৱৈমাৰীত হকী ষ্টেডিয়াম নিৰ্মাণ কৰাৰ আঁচনি সন্দৰ্ভত এক চমু বক্তব্য প্ৰদান কৰে।
সম্পাদক নৌচাদ আখটাৰ হাজৰিকাই আঁত ধৰা সভাত কল্লোলৰ প্ৰাক্তন সভাপতি মুৰুলী শৰ্মা, নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শৰৎ বৰকটকী, বিশিষ্ট সমাজকৰ্মী দেবেন্দ্ৰ সিং চেহমী, গল্পকাৰ শিবানন্দ কাকতি, কৃষ্ণদুলাল বৰুৱা,গুৰমাইল সিং আদি নগাঁৱৰ সমাজ জীৱনৰ বৰেণ্য ব্যক্তিসকল উপস্থিত থাকে।