পথৰ কাষতে এহাল দম্পতিৰ শান্তিৰ আশ্ৰম! কৰুণ কাহিনীয়ে চকু সেমেকাব আপোনাৰ...

এটি আট্টালিকা নিৰ্মান কৰিবলৈ সাম্প্ৰতিক সময়ত বিভিন্নজনে আপোনজনকে প্ৰবঞ্চনা কৰি লুটপাত চলাইছে সেই সময়ত নগাঁৱৰ ৰাজপথৰ কাষতে ককা আইতাই নিৰ্মান কৰিছে শান্তিৰ আশ্ৰম ৷

author-image
Asomiya Pratidin
New Update
পথৰ কাষতে এহাল দম্পতিৰ শান্তিৰ আশ্ৰম! কৰুণ কাহিনীয়ে চকু সেমেকাব আপোনাৰ...

ডিজিটেল সংবাদ,নগাঁও : চাৰি খুটাৰ ওপৰত চালি নাথাকিব পাৰে ৷ কিন্তু য’ত এতিয়া দুয়োজন আছে সেয়া শান্তিৰ আশ্ৰম ৷ এটি আট্টালিকা নিৰ্মান কৰিবলৈ সাম্প্ৰতিক সময়ত বিভিন্নজনে আপোনজনকে প্ৰবঞ্চনা কৰি লুটপাত চলাইছে সেই সময়ত নগাঁৱৰ ৰাজপথৰ কাষতে ককা আইতাই নিৰ্মান কৰিছে শান্তিৰ আশ্ৰম ৷

Advertisment

নেহৰুবালিৰ দমকলটোৰ পৰা পানীখিনি ফ্ৰি পাইছো ৷ তাৰ বাহিৰেও সকলো কিনো - এই মক্তব্য ৬৫ বছৰীয়া বিৰেন বনিয়াৰ ৷ বনিয়াক প্ৰশ্ন কৰাত ক’লে পুৱাৰ পৰা ইটো সিটো কাম কৰি যি পাওঁ বজাৰ কৰি আনো আৰু দিনৰ ভাত সাজ উলিয়াও ৷ দিনটো এনেই নাথাকো ৷ যি পাৰো কৰি থাকো ৷

নেহৰুবালিৰ পথৰ কাষত আশ্ৰয় বনিয়া দম্পত্তিৰ ৷ নগাঁও জিলাৰ বঢ়মপুৰ আদৰ্শ গাঁৱৰ বীৰেন বনিয়া আৰু ৰূপালী বনিয়াৰ এই দুৰ্বিসহ জীৱন আৰম্ভ হ’ল ক’ভিড পৰিস্থিতিৰ বাবে ৷ মাকুমৰ এটি প্লাই ফেক্টৰিত কাম কৰিছিল বীৰেন বনিয়াই ৷ প্ৰায় পোন্ধৰ বছৰ ধৰি ফেক্টৰিটোত কাম কৰি থকাৰ সময়ত ক’ভিড পৰিস্থিতিৰ বাবে উদ্যোগটো বন্ধ হৈ পৰে ৷ মাকুমৰ পৰা পত্নীক লৈ একাধিক প্ৰত্যাহবান নেওচি দুয়ো নগাঁও পালেহি ৷

ক’ভিড পৰিস্থিতি শাম কটাত পুনৰ বীৰেন বনিয়া পত্নীক লগত লৈ ওলাল মাকুমৰ প্লাই উদ্যোগটোত কাম কৰা মানসেৰে ৷ তেওঁৰ আশা পুৰন নহ’ল ৷ আধাতে বাধা পালে ৷ উদ্যোগটো বোলে বন্ধ হোৱাৰ দৰে ৷ গতিকে কৰ্মস্থলী গৈ পোৱাৰ আগতে ওভতনি যাত্ৰা গৃহভূমিলৈ ৷ কিন্তু নিজ গৃহত উপস্থিত হৈ বীৰেন বনিয়াই গ'ম পালে পৈতিক সম্পত্তি উচন ৷ আশ্ৰয় ল'বলৈ নিজৰ বুলিবলৈ এতিয়া একো নাই ৷

পাঁচটা মোনালৈ নিজৰ ঘৰখনলৈ ঘূৰা বীৰেন - ৰূপালীৰ আকৌ যাত্ৰা আৰম্ভ হ’ল অঘৰী জীৱনৰ ৷ বীৰেনে ক’লে জিতু চাৰৰ সমষ্টিত ঘৰ আছিল ৷ এতিয়া ৰূপক চাৰৰ সমষ্টিত থাকো ৷ পুৱা নেহৰুবালিত কেতিয়াবা খোজকাঢ়িবলৈ আহে ৷ ওচৰলৈ যাব নোৱাৰো ৷ মনৰ দুখবোৰ কাক ক’ম ৷ কাম এটাত গত লগাব পাৰিলে ভিক্ষাৰীৰ জীৱন কটাব নালাগিব ৷ সহায়নো কাৰ পৰা পাম ৷ কৰিবনো কিয় ? নাথাকিব পাৰে ঘৰ তথাপিও বেচ সুখত জীৱন কটাই আছে দুয়ো। কষ্ট হ'লেও কিবা ভাল হ'ব বুলি আশা দুয়োৰে।

Also Read: মাজুলীত শিক্ষা মন্ত্ৰীসহ চেবাৰ অধ্যক্ষ-পৰীক্ষা নিয়ন্ত্ৰকৰ প্ৰতিকৃতি দাহ...

Assam police