/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/557279b1-8041-4438-92a7-83822bcbaf06/fds.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও জিলা কংগ্ৰেছে বুধবাৰে শক্তি প্ৰদৰ্শন কৰে ৷ সুৰেশ বৰাই কংগ্ৰেছৰ সভাপতি পদ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত হাহাকাৰ লাগিছিল কংগ্ৰেছ শিবিৰত ৷ স্বয়ং জিলা সভাপতিয়ে দল ত্যাগ কৰাৰপিছত উন্মোচিত হৈছিল নগাঁও কংগ্ৰেছৰ আভ্যন্তৰিন কন্দলো ৷
বিশেষকৈ কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈ আৰু ৰকিবুল হুছেইনৰ মাজত চলি থকা তীব্ৰ সংঘাতৰ বাবে সুৰেশ বৰাৰ দৰে নেতাই দল ত্যাগ কৰা বুলি সৰব চৰ্চা চলি থকাৰ মাজতে বুধবাৰে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ নেতৃত্বত কংগ্ৰেছ দলে শক্তি প্ৰদৰ্শন কৰে ৷ বিশাল কৰ্মীসভা নামকৰনে নগাঁৱৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সভাত সাংসদ গৌৰব গগৈ , বিধায়ক ৰকিবুল হুছেইন , বিধায়ক নুৰুল হুদা , জাকিৰ হুছেইন শিকদাৰ , শিবামণি বৰবৰা , ৰানা গোস্বামী , মীৰা বৰঠাকুৰ আদি উপস্থিত থাকে ৷
উল্লেখ্য এই যে শক্তি পৰীক্ষাৰ অৰ্থে নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ত আয়োজিত সভাখনত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত নাছিল ৷ সাংসদ বৰদলৈ বিশাল কৰ্মী সভাত উপস্থিত নথকাৰ বিষয়টোক লৈ ৰাজনৈতিক মহলত সৰব চৰ্চা চলিছে ৷
দলীয় সভাখনত প্ৰতিজন উপস্থিত নেতাই বিজেপিক কঠোৰ ভাৱে সমালোচনা কৰাৰ লগতে এ আই ইউ ডি এফকো সমালোচনা কৰে ৷ সভাখনি পৰিচালনা কৰে জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত শইকীয়াই ৷
Also Read: বন্ধুক হত্যা কৰি কটা মূৰ লৈ আৰক্ষী থানাত উপস্থিত হ'ল শিবু...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us