নগাঁও মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নগাঁও মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,নগাঁও : 'পৃথিৱীত জাতি মাথোঁ এটাই, সেয়া মানৱ জাতি আৰু ধৰ্ম এটাই সেয়া প্ৰেম। ভাষা হৈছে এটাই হৃদয়ৰ ভাষা। ভগৱান এজনেই সৰ্বত্ৰে বিদ্যমান। জ্ঞান এটা পাত্ৰত থ’ব নোৱাৰি। জ্ঞান এটা জুৰি।' এই মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ। সোমবাৰে ঐতিহ্যমণ্ডিত নগাঁও কলেজ (অট’নমাচ)ৰ ৮০সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহ-২০২৩ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, তথা অসম লোকসেৱা আয়োগৰ অনুসন্ধান কমিটিৰ অধ্যক্ষ বিপ্লৱ কুমাৰ শৰ্মা।

অসমৰ উচ্চ শিক্ষাৰ অন্যতম বাটকটীয়াস্বৰূপ ঐতিহ্যমণ্ডিত নগাঁও কলেজ (অট’নমাচৰ) প্ৰতিষ্ঠা দিৱস সোমবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। পুৱা পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে নগাঁও কলেজৰ পৰিচালনা সমিতিৰ সভাপতি ড° শৰৎ কুমাৰ দত্তই।

নগাঁও কলেজ (অট'নমাচ) ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড° ভুৱন চন্দ্ৰ চুতীয়াই আঁত ধৰা মুকলি সভাত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি দিয়া ভাষণত শৰ্মাই উপনিষদৰ 'বসুধৈৱ কুটুম্বকম' বাণীৰ উদ্ধৃতি দি ব্যক্ত কৰে। তেওঁ কয়-'পৃথিৱীখন এটা পৰিয়াল।এই পৰিয়ালৰ সকলো সদস্য একত্ৰিত হৈ এক মন আৰু ভাৱেৰে জগতখনক আকোঁৱালি ল'ব লাগে। শিক্ষা গ্ৰহণ কৰি প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে সৎ,গুণী,জ্ঞানী হৈ জগতখন সুন্দৰভাৱে প্ৰতিষ্ঠা হোৱাত অৰিহণা যোগাব লাগে।' ইফালে মুখ্য অতিথিৰ ভাষণত তেওঁ সফল হোৱাৰ ক্ষেত্ৰত ৮টা ‘কিয়’ৰ প্ৰসংগ উল্লেখ কৰে। যাৰ অন্তৰালত অনুসন্ধিৎসু মন নিহিত হৈ থাকে।

মুকলি সভাত সভাপতিত্ব কৰি পৰিচালনা সমিতিৰ সভাপতি ড০ শৰৎ কুমাৰ দত্তই কলেজ পৰিয়াল বৰ্গক প্ৰতিষ্ঠা দিৱসৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে অগ্ৰগতিৰ ধাৰা অব্যাহত ৰাখিবৰ বাবে সকলোকে আহ্বান জনায়। লগতে এই যাত্ৰাত পৰিচালনা সমিতিয়ে সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে।

মুকলি সভাৰ আদৰণী ভাষণ প্ৰদান কৰি অধ্যক্ষ ড° শৰৎ বৰকটকীয়ে কয়- 'প্ৰতিষ্ঠা দিৱসৰ লগত নতুনকৈ যোগ দিয়া স্নাতক সমাৰোহে অনুষ্ঠানটোক এক নতুন মাত্ৰা প্ৰদান কৰিছে আৰু বৰ্ণাঢ্য কৰি তুলিছে।'

আনহাতে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয়- 'নগাঁও মহাবিদ্যালয়ে আমাক দিছে গৌৰৱ,প্ৰাপ্তি আৰু খ্যাতি। সুন্দৰ সমাজ এখন প্ৰতিষ্ঠা কৰাত নগাঁও মহাবিদ্যালয়ে যি অৱদান আগবঢ়াইছে তাক লৈ আমি গৌৰৱান্বিত।'

প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত স্নাতক সমাৰোহত নগাঁও কলেজ (অট’নমাচ) ৰ পৰা ২০২৩ বৰ্ষৰ পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। লগতে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক পদাৰ্থ বিজ্ঞান বিভাগৰ মুকিবুৰ ৰহমানক নগাঁও কলেজ মহিলা কোষৰ তৰফৰ পৰা বঁটা প্ৰদান কৰা হয়।

ইফালে নীৰেশ চন্দ্ৰ পাল স্মাৰক বঁটা বিজ্ঞান শাখাত প্ৰথম আৰু দ্বিতীয় সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত মুকিবুৰ ৰহমান আৰু পৰিসংখ্যা বিভাগৰ ছাত্ৰী চিৰাজমিতা চাহাক প্ৰদান কৰা হয়। তাৰিণী প্ৰসাদ শৰ্মা আৰু প্ৰতিভা দেৱী স্মাৰক বঁটা লাভ কৰে অসমীয়া বিভাগৰ ২০২২ আৰু ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ স্নাতক ক্ৰমে কংকনা দাধৰা আৰু অংকুৰিমা বৰাই।

সভাত নগাঁও কলেজৰ উপাধ্যক্ষ ড০ পুলিন চন্দ্ৰ বৰা, জ্যেষ্ঠ অধ্যাপক ৰঞ্জিত কুমাৰ মজিন্দাৰ, পৰিচালনা সমিতিৰ সদস্য আৰু শিক্ষক পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি বৰুৱাকে প্ৰমুখ্য কৰি কলেজৰ সমূহ অধ্যাপক-অধ্যাপিকা, সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী, অনা শিক্ষক কৰ্মচাৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। প্ৰাক্তন ছাত্ৰ সন্মিলনীৰ সম্পাদক আৰু দৰ্শন বিভাগৰ মুৰব্বী ড০ নৱপ্ৰসাদ নাথে শলাগৰ শৰাই আগবঢ়ায়।

নগাঁও কলেজৰ ৮০সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু স্নাতক সমাৰোহৰ মুকলি সভাত নগাঁও কলেজৰ সাফল্যৰ এক খতিয়ানত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা স্নাতক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰাৰ উপৰিও সদ্যঘোষিত বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত দহগৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়। উল্লেখ্য যে নগাঁও কলেজ (অট’নমাচৰ) অধীনত অনুষ্ঠিত স্নাতক পৰীক্ষাত উত্তীৰ্ণ ১০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত স্থান লাভ কৰে।

ইয়াৰ ভিতৰত বনশ্ৰী চৌধুৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান লাভ কৰে। ৰাজনীতি বিজ্ঞান বিভাগৰ নিলীম কাশ্যপ বৰঠাকুৰে গুৱাহাটী, ডিব্ৰুগড় দুয়োখন বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম স্থান, ভূগোল বিজ্ঞান বিভাগৰ বন্দনা গোস্বামীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত দ্বিতীয় আৰু কস্তুৰী বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষাত তৃতীয় স্থান লাভ কৰে।

গুৱাহাটী বিশ্ববিদ্যায়ৰ প্ৰৱেশ পৰীক্ষাত সংস্কৃত বিভাগৰ ৰশ্মিৰেখা বৰাই তৃতীয়, ইংৰাজী বিভাগৰ নাজিয়া চুলতানাই দ্বিতীয় স্থান লাভ কৰে। ইফালে হিন্দী বিভাগৰ সঞ্জনা কুমাৰী ঠাকুৰ আৰু অমেষা দত্তই তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষাত প্ৰথম আৰু তৃতীয় স্থান লাভ কৰে।

একেদৰে শিক্ষা বিভাগৰ প্ৰেৰণা গোস্বামীয়ে কটন বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত প্ৰথম আৰু অসমীয়া বিভাগৰ বিপাশা দেৱীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ প্ৰৱেশ পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰে। তদুপৰি, আজি এই সভাতে নগাঁও কলেজৰ পৰা ২০২৩ বৰ্ষত নেট, শ্লেট, গেট আদি পৰীক্ষাত বৰ্তমানলৈকে সুখ্যাতিৰে উত্তীৰ্ণ ৩৭ গৰাকী ছাত্ৰ-ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হয়। অট’নমাচ কলেজৰ অধীনত কলেজৰ এই সাফল্যত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

নগাঁও মহাবিদ্যালয়ৰ ৮০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
ব্যাপক হাৰত বৃদ্ধি এইড্ছ আই ভিত আক্ৰান্তৰ সংখ্যা : শীৰ্ষত কামৰূপ মহানগৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in